কাজিৰঙা, বোকাখাত, চন্দ্ৰপুৰৰ পিছত এইবাৰ চানডুবিত বলীউদৰ ছবি ‘ইমাৰজেন্সী’ৰ শ্বুটিং। বলীউদ কুইন কংগনা ৰাণাৱটৰ আহিবলগীয়া ছবি ‘ইমাৰজেন্সী’ৰ দৃশ্যগ্ৰহণ আজি চলি আছে চানডুবিত। ১৩ নৱেম্বৰৰ পৰা অসমত বাহৰ পাতি শ্বুটিঙত ব্যস্ত হৈ আছে কংগনা ৰাণাৱট।
কাৰ্বি আংলং, বোকাখাট, কাজিৰঙা, পানীখাইতীৰ পিছত এইবাৰ চানডুবিত চলিছে কংগনাৰ ‘ইমাৰজেন্সী’ৰ দৃশ্যগ্ৰহণ। ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ঘোষণা হোৱা জৰুৰীকালীন অৱস্থাৰ ভিত্তিতে নিৰ্মাণ কৰি থকা হৈছে এই ছবিখন। ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে কংগনাই।
আনহাতে, ছবনখনৰ প্ৰযোজনা আৰু পৰিচালনাও কংগনাৰ। অৰ্ধশতাধিক গাড়ীৰে ভৰি পৰিছে চানডুবি। পুৰণি এম্বেচাদৰ গাড়ীত বহি শ্বুটিং কৰি গৈছে কংগনাই। শ্বুটিং চাবলৈ যদিওবা বহুতো লোকৰ সমাগম ঘটিল তথাপিও সুৰক্ষা আৰু দৃশ্যগ্ৰহণৰ বাবে প্ৰৱেশ কৰিব দিয়া ন'হল কোনো লোকক। উল্লেখ্য যে ১ নৱেম্বৰ তাৰিখে চানডুবি পৰিদৰ্শন কৰি গৈছিল কংগনাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|