মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »‘চোৰ’ বলীউড, পাকিস্তানৰ পৰা চুৰি কৰা ১০ টা ছুপাৰহিট গীত! যি আজিও দৰ্শকৰ মুখে মুখে...

‘চোৰ’ বলীউড, পাকিস্তানৰ পৰা চুৰি কৰা ১০ টা ছুপাৰহিট গীত! যি আজিও দৰ্শকৰ মুখে মুখে...

বলিউডত এতিয়া চলিছে গীত ৰিমেক কৰাৰ অঘোষিত প্ৰতিযোগিতা! কাহিনী, গীত, এক্সনৰ ৰিমেক কৰি এতিয়া ব্যৱসায় চলাইছে বলীউডে! কিন্তু বহু কম সংখ্যক লোকেহে জানে যে ৯০ দশকৰ বহুকেইটা ছুপাৰ হিট পাকিস্তানৰ গীতৰ পৰা চুৰি কৰা হৈছিল!

বলিউডত এতিয়া চলিছে গীত ৰিমেক কৰাৰ অঘোষিত প্ৰতিযোগিতা! কাহিনী, গীত, এক্সনৰ ৰিমেক কৰি এতিয়া ব্যৱসায় চলাইছে বলীউডে! কিন্তু বহু কম সংখ্যক লোকেহে জানে যে ৯০ দশকৰ বহুকেইটা ছুপাৰ হিট পাকিস্তানৰ গীতৰ পৰা চুৰি কৰা হৈছিল!

বলিউডত এতিয়া চলিছে গীত ৰিমেক কৰাৰ অঘোষিত প্ৰতিযোগিতা! কাহিনী, গীত, এক্সনৰ ৰিমেক কৰি এতিয়া ব্যৱসায় চলাইছে বলীউডে! কিন্তু বহু কম সংখ্যক লোকেহে জানে যে ৯০ দশকৰ বহুকেইটা ছুপাৰ হিট পাকিস্তানৰ গীতৰ পৰা চুৰি কৰা হৈছিল!

  • Share this:
    এতিয়া বলীউডৰ ছবি মানেই যেন কেৱল ৰিমেক!  বিশ্বৰ বিভিন্ন প্ৰান্তত নিৰ্মীত ছবি, গীতৰ ৰীমেক কৰি এতিয়া বলীউডে লৈছে বাহ বাহ! নাইকীয়া হৈছে ভাল ছবিৰ কোনো আদৰ। কিন্তু বহু কম লোক হে জ্ঞাত , বলীউডে পাকিস্তানৰ পৰাও চুৰি কৰিছিল বহুকেইটা ছুপাৰহিট গীতৰ কথা, সুৰ আৰু সংগীত! তাৰে ভিতৰত কেইটামান উল্লেখযোগ্য গীত হ’ল।

    ১. ‘বহ্ত প্যাৰ কৰতে হে তোমকো চনম– ১৯৯১ চনৰ ছুপাৰহিট ছবি চাজনৰ এই গীতটো আজিও দৰ্শকৰ মুখে মুখে। গীতটো লিখিছিল সমীৰে। আৰু সংগীত কৰিছিল, জনপ্ৰিয় সংগীত পৰিচালক নদীম–শ্ৰৱণে। কিন্তু এই গীতটো পাকিস্তানী গীত ‘বহত খুৱসূৰত হে মেৰে চনম’ গীতটোৰ পৰা চুৰি কৰা। গীতটো পাকিস্তানৰ গজল সম্ৰাট মেহদী হাসনৰ।



    ২. কিতনা প্যাৰ তু্জে ৰব নে বনায়া– ১৯৯৬ চনৰ আমীৰ খান অভিনীত ছুপাৰহিট ছবি ৰাজা হিন্দুস্থানী ছবিৰ এই গীতটো আজিও সমানেই জনপ্ৰিয়!  কিন্তু গীতটোৰ সুৰ নুসৰত ফতেহ আলী খানে দিছিল। তেওঁ বিভিন্ন অনুষ্ঠানটো এই গীতটো পৰিৱেশন কৰিছিল।


    ৩. ধীৰে ধীৰে আপ মেৰে- ১৯৯৫ চনৰ আমিৰ খান অভিনীত বাজী ছবিৰ এই গীতটো উদিত নাৰায়ন আৰু সাধনা সৰগমে গাইছিল। গীতৰ সুৰ আছিল বিশিষ্ট চলচিত্ৰ পৰিচালক অষতোশ গোৱাৰিকাৰৰ। কিন্তু প্ৰকৃততে এইগীতৰ সুৰ ‘ৰফ্তা ৰফ্তা ৱ’ মেৰে হস্তী কে সামা’ গীতৰ পৰা চুৰি কৰা। এইগীতটো গাইছিল পাকিস্তানৰ প্ৰশিদ্ধ গজল গায়ক মেহদী হাসনে।


    ৪. চোলী কে পিছে ক্যা হে– ১৯৯৩ চনৰ ছুপাৰহিট ছবি খলনায়কৰ এই গীতটো বলীউডৰ ছুপাৰহিট গীতৰ মাজত এটা। গীতটোত মাধুৰী দিক্ষিতৰ নৃত্যই আজিও আকৰ্ষিত কৰে বহুজনক। গীতটোত কণ্ঠদান কৰিছিল সপ্না অৱস্থী আৰু অলকা য়াগনিকে। গীতৰ সুৰ কৰিছিল বিশিষ্ট সংগীত পৰিচালক লক্ষ্মীকান্ত–প্যাৰেলালে। কিন্তু প্ৰকৃততে গীতটোৰ সুৰ পাকিস্তানী গীত ‘ৰাত দে বাৰহ বজ্জে’ গীতটোৰ পৰা চুৰি কৰা!


    ৫. মে যিচ দিন ভূলা দ্যো– ১৯৯০ চনত মুক্তি পোৱা পুলিচ পাব্লিক ছবিৰ গীত। গীতটোত কণ্ঠদান কৰিছিল লতা মংগেশকাৰ আৰু অমিত কুমাৰে। গীতৰ সুৰ আৰু সংগীত কৰিছিল ৰাম–লক্ষ্মণে। কিন্তু গীতটো প্ৰকৃততে পাকিস্তানী গীত ‘ মে যিচ দিন ভূলা দ্যো’ গীতৰ পৰা হুবহু চুৰি কৰা!


    ৬. তো চীজ বড়ী হে মস্ত মস্ত– ১৯৯৪ চনৰ মহোৰা ছবিৰ এই গীতটোৱে লাভ কৰিছিল অভূতপূৰ্ব জনপ্ৰিয়তা। অক্ষয় কুমাৰ, ৰবীনা টেণ্ডন অভিনীত গীতটোত কণ্ঠদান কৰিছিল উদিত নাৰায়ন আৰু কবিতা কৃষ্ণমূৰ্তীয়ে। গীতটোৰ কথা আনন্দ বক্সীয়ে ৰচনা কৰিছিল আৰু সংগীত কৰিছিল বিজু সাহে। কিন্তু প্ৰকৃততে গীতটেোৰ সুৰ নূসৰত ফতেহ আলী খানৰ  ‘দম মস্ত কলন্দৰ’ গীত লগত ১০০ শতাংশই মিলে।


    ৭. মেৰে পিয়া ঘৰ আয়া– ১৯৮১ চনৰ ছবি য়াৰানা ছবিৰ এই গীত এতিয়াও সমানেই জনপ্ৰিয়। কিন্তু গীতৰ সুৰ আৰু কথা নূসৰত ফতেহ আলী খানৰ  ‘মেৰে পিয়া ঘৰ আয়া’ ৰ পৰা ১০০ শতাংশ চুৰি কৰা।


    ৮. কালা সা কালা– ১৯৯১ চনৰ আয়ি মিলন কি ৰাত ছবিৰ গীতটো অনুৰাধা পোধৱালাই কণ্ঠদান কৰিছিল। গীতটোত সংগীত পৰিচালনা কৰিছিল আনন্দ–মিলন্দে। কিন্তু গীতটো প্ৰকৃততে বাবৰ খানৰ।


    ৯. চাজন তেৰে বিনা– ১৯৯৭ চনৰ জুদাই ছবিৰ এইগীতটো নদীম শ্ৰৱনে পাকিস্তানৰ মহান গায়ক নূসৰত ফতেহ আলী খানৰ ‘ ছানু এক পল চেন ন্যা আৱে’ গীতৰ পৰা অনুপ্ৰাণিত হৈ ৰচনা কৰিছিল।


    ১০.দিল মেৰে তোড় দিয়া ওসনে– ২০০১ চনৰ কসূৰ ছবিৰ গীতটো প্ৰকৃততে ‘ৱ’ মেৰা না সকা, গীতটোৰ বলীউড ভাৰ্জন। গীতটো পাকিস্তানী ছবি অজমতত গায়ক নূৰ জহাই কণ্ঠদান কৰিছিল।

    শেহতীয়া বাতৰি