• Home
  • »
  • News
  • »
  • entertainment
  • »
  • বাথৰূমত অভিনেত্ৰীয়ে নগ্ন হৈ তুলিলে ফটো ! চছিয়েল মিডিয়াত ব্যাপক ট্ৰোলৰ সন্মুখীন জনপ্ৰিয় অভিনেত্ৰী ...

বাথৰূমত অভিনেত্ৰীয়ে নগ্ন হৈ তুলিলে ফটো ! চছিয়েল মিডিয়াত ব্যাপক ট্ৰোলৰ সন্মুখীন জনপ্ৰিয় অভিনেত্ৰী ...

শেহতীয়াকৈ এগৰাকী অভিনেত্ৰীয়ে ফটোশ্বুট কৰে বাথৰূমত । কিন্তু সম্পূৰ্ণ নগ্ন হৈ তোলা এই ফটো অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে চছিয়েল মিডিয়াত । বাথৰূমৰ দেৱালত এখন হাতেৰে হেচা দি থকা অৱস্থাত তোলা ফটোখন শ্বেয়াৰ কৰিছে অভিনেত্ৰী ছফিয়া হায়াতে ( Sofia Hayat ) ।

  • Share this:
নিজৰ জনপ্ৰিয়তা বৃদ্ধি তথা প্ৰচাৰৰ বাবে একাংশ অভিনেত্ৰীয়ে নকৰে কি ! শেহতীয়াকৈ এগৰাকী অভিনেত্ৰীয়ে ফটোশ্বুট কৰে বাথৰূমত । কিন্তু সম্পূৰ্ণ নগ্ন হৈ তোলা এই ফটো অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে চছিয়েল মিডিয়াত । বাথৰূমৰ দেৱালত এখন হাতেৰে হেচা দি থকা অৱস্থাত তোলা ফটোখন শ্বেয়াৰ কৰিছে অভিনেত্ৰী ছফিয়া হায়াতে ( Sofia Hayat ) । অভিনেত্ৰীগৰাকীয়ে ফটোখন শ্বেয়াৰ কৰি লিখিছে , " দেৱালখন ধৰি ৰাখিবলৈ যথেষ্ট শক্তিশালী হও । " নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে এই ফটো শ্বেয়াৰ কৰাৰ পিছত ব্যাপক চৰ্চা হোৱাৰ লগতে কটু সমালোচনাৰে কমেন্ট বক্স ওপচাই পেলাইছে বিভিন্ন লোকে । অভিনেত্ৰী , মডেল ছফিয়া হায়াত (Sofia Hayat)ক তেওঁৰ এই ছবিখনৰ বাবে তীব্ৰভাৱে ট্ৰ’ল কৰা হৈছে।

দীৰ্ঘদিন ধৰি পৰ্দাৰ পৰা আতৰি থকা ছফিয়াই নিজকে ধাৰ্মিক বিষয়সমূহৰ সৈতে জড়িত হৈ পৰা বুলি প্ৰকাশ কৰি আহিছে । তেওঁ প্ৰায়ে পৰম্পৰাগত ফটোসমূহ চছিয়েল মিডিয়াত শ্বেয়াৰ কৰি নিজৰ ধাৰ্মিক পৰিচয় দাঙি ধৰিব বিচাৰে । কিন্তু তাৰ পিছতে হঠাৎ শ্বেয়াৰ কৰে নিজৰ বল্ড ফটো , যি চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে চৰ্চাৰ বিষয় হৈ পৰে ।

ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে এই ফটোখনক লৈ বহুতো অশ্লীল আৰু আপত্তিজনক কথা লিখিছে । ছফিয়া হায়াতে (Sofia Hayat) এই ফটোখনত ১৫ সহস্ৰাধিক লাইক পাইছে কিন্তু তেওঁক তীব্ৰভাবে ট্ৰ’ল কৰা হৈছে ।  বলীউডত ছফিয়াই ‘অক্সৰ-২’ (Aksar-2) আৰু ‘নাচ লে লণ্ডন’ (Naach Le London)ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে । তেওঁ হলীউডত বহু চলচ্চিত্ৰতো অভিনয় কৰিছে । অৱশ্যে বহু দিন ধৰি ছফিয়াই পৰ্দাৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিছিল । বৰ্তমান ছফিয়াই ধাৰ্ম্মিক বিষয়বোৰৰ সৈতে জড়িত হৈ থাকিবলৈ আগ্ৰহী । কিন্তু তেওঁৰ অনুৰাগীসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ চছিয়েল মিডিয়াত বিভিন্ন ফটো শ্বেয়াৰ কৰি থাকে ।
Published by:Kokil Sarma
First published: