বলীউড অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা (Sidharth Malhotra)ৰ পেছাদাৰী জীৱনৰ দৰে একে আকৰ্ষণীয় ব্যক্তিগত জীৱন আছে। অভিনেতাজনৰ শেহতীয়া মুক্তিপ্ৰাপ্ত 'শ্বেৰশ্বাহ' (Shershaah)য়ে সিদ্ধাৰ্থ মালহোত্ৰাক এক বৃহৎ সফলতা প্ৰদান কৰিছে। সিদ্ধাৰ্থৰ বৰ্তমান বহুতো প্ৰকল্প আছে যিয়ে তেওঁৰ অনুৰাগীসকলক আচৰিত কৰিব। এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থ মালহোত্ৰাই বিয়াৰ পৰিকল্পনা কৰিছে নেকি ?
সিদ্ধাৰ্থ মালহোত্ৰা (Sidharth Malhotra) আৰু কিয়াৰা আদৱানী (Kiara Advani) ডেটিং কৰি আছে বুলি উৰাবাতৰি ওলাইছিল। HTৰ খবৰ অনুসৰি সিদ্ধাৰ্থক তেওঁৰ বিবাহৰ বিষয়ে সোধাত হাঁহি হাঁহি ক'লে, "এতিয়ালৈকে কোনো পৰিকল্পনা নাই। মই ভাবো এইটো এনেকুৱা এটা বস্তু যি নিশ্চিতভাৱে ঘটিব। সেই ছবিখন এতিয়াও নিৰ্মাণ হোৱা নাই। মোৰ ইয়াৰ বাবে কোনো কাহিনী নাই আৰু চিত্ৰনাট্য বা কলাকুশলীও সাজু নহয়। যেতিয়াই এনে হয় মই সকলোকে ক'ম।"
Published by: Kokil Sarma
FIRST PUBLISHED : November 08, 2021, 23:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।