শিল্পা চেট্টী বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেওঁৰ বিলাসী জীৱনশৈলীৰ বাবে প্ৰায়ে শিৰোনামত থাকে। আজিকালি, শিল্পা চেট্টীয়ে আকৌ এবাৰ তেওঁৰ নতুন বিলাসী গাড়ী মাৰ্চিডিজ-এএমজি জি63 ৰ বিষয়ে আলোচনাত আছে।
শেহতীয়াকৈ, বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীক এখন মাৰ্চিডিজ-এএমজি জি63 এছইউভিত দেখা গৈছে। প্ৰতিবেদন অনুসৰি, এই এছইউভি গাড়ীখনৰ মূল্য প্ৰায় ২.২৮ কোটি টকা। এই গাড়ীখন প্ৰকৃততে শিল্পা চেট্টীৰ স্বামী আৰু ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বুলি কোৱা হৈছে।
ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ'ত অভিনেত্ৰী শিল্পা চেট্টীক প্ৰতিদিনে এই মাৰ্চিডিজ-এএমজি জি৬৩ ত কৰবালৈ যোৱা দেখা গৈছে। মাত্ৰ কেইদিনমান আগতে, শিল্পা চেট্টীয়ে তেওঁৰ নতুন বিলাসী ভেনিটি ভেনৰ এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এই ভেনিটি ভেনখন শিল্পা চেট্টীয়ে তেওঁৰ জন্মদিনত ক্ৰয় কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|