• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Salman Khan Viral Video : লুলীয়া ৱণ্টুৰে সকলোৰে সন্মুখতে 'বেইজ্জত' কৰিলে ছলমান খানক! ধুমুহাৰ গতিত Viral Video

Salman Khan Viral Video : লুলীয়া ৱণ্টুৰে সকলোৰে সন্মুখতে 'বেইজ্জত' কৰিলে ছলমান খানক! ধুমুহাৰ গতিত Viral Video

'অন্তিম- দি ফাইনেল ট্ৰুথ' (Antim: The Final Truth) চিনেমাখনত ছলমান খান (Salman Khan) এজন সৰদাৰ আৰক্ষীৰ ৰূপত অভিনয় কৰাৰ বিপৰীতে ছলমানৰ বিপৰীতে ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিছে আয়ুষ শৰ্মা (Ayush Sharma)ই।

  • Share this:
ছলমান খান (Salman Khan)  আৰু আয়ুষ শৰ্মা (Ayush Sharma)ৰ নতুন ছবি 'অন্তিম- দি ফাইনেল ট্ৰুথ' (Antim: The Final Truth) ৰ ট্ৰেইলাৰ আয়ুষ শৰ্মাৰ জন্মদিনৰ এদিন পূৰ্বে, সোমবাৰে মুকলি কৰা হয়। এই ট্ৰেইলাৰ বহু লোকে পছন্দ কৰিছে। সোমবাৰে নিশা আয়ুষ শৰ্মাৰ জন্মদিনৰো পাৰ্টীৰ আয়োজন কৰা হৈছিল। এই বাৰ্থডে পাৰ্টীত কেইবাগৰাকী তাৰকা আছিল। আনকি ছলমান খানো আছিল বাৰ্থডে পাৰ্টীত। ছলমমানৰ লগতে আছিল লুলীয়া ৱণ্টুৰো। দুয়ো একেলগেই গাড়ীত আহিছিল।

ছলমান খানে (Salman Khan) প্ৰথমেই গাড়ীৰ পৰা নামি ফটোগ্ৰাফাৰৰ সন্মুখত পজ দিবলৈ ধৰে। সেইসময়তে লুলীয়া ৱণ্টুৰেও গাড়ীৰ পৰা নামি অহা দেখি ছলমানে খানে তেওঁক কেমেৰাৰ সন্মুখত পজ দিবলৈ মাতে । কিন্তু লুলীয়া ৱণ্টুৰে ছলমানৰ আমন্ত্ৰণক গুৰুত্ব নিদি পাৰ্টীৰ ভেন্যুলৈ আগবাঢ়ে। এই ঘটনাৰ পিছতে এই ভিডিঅ' ভাইৰেল হৈ পৰিছে।

এই  ভিডিঅ'টোত নানান ধৰণৰ কমেণ্ট কৰিছে নেটিজেনে। এজন ইউজাৰে লিখিছে যে লুলীয়া ভাবীৰ খং উঠি আছে। আন এজনে লিখিছে-মেদাম ৱণ্টুৰে বেইজ্জত কৰি পেলালে। এনেধৰণৰ আৰু বহু কমেণ্ট কৰিছে ইউজাৰে।

লুলীয়া ৱণ্টুৰে হয়তো ছলমানৰ মাতটো নুশুনিলে আৰু সেয়ে চিধাই পাৰ্টীলৈ বুলি সোমাই গ'ল।

বাৰ্থডে পাৰ্টীত ছলমান খানে সম্পূৰ্ণ ক'লা সাজত আহিছিল। ক'লা টি ছাৰ্ট, জেকেট আৰু ক'লা লেডাৰ পেণ্ট পিন্ধি আহিছিল ছলমান খানে আৰু প্ৰতিবাৰৰ দৰেই অতি হেণ়্ছাম লাগিছিল ছলমানক। ঠলমানৰ উপৰি বাৰ্থডে পাৰ্টীত ৰিতেশ দেশমুখ, জেনেলিয়া ডিছুজা, সুনীল গ্ৰেভাৰ, বৰুণ শৰ্মা, ছব্বিৰ আহলুৱালীয়া, মিজান জাফ্ৰী আদিকে ধৰি কেইবাগৰাকীও চেলিব্ৰিটীয়ে অংশ লৈছিল।

'অন্তিম- দি ফাইনেল ট্ৰুথ' (Antim: The Final Truth) চিনেমাখনত ছলমান খান এজন সৰদাৰ আৰক্ষীৰ ৰূপত অভিনয় কৰাৰ বিপৰীতে ছলমানৰ বিপৰীতে ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিছে আয়ুষ শৰ্মাই। ২৬ নৱেম্বৰত মুক্তি পাবলগীয়া চিনেমাখনে হলত ধামাকা তুলিব বুলি আশা কৰিছে সকলোৱে।
Published by:Manjumoni Borah
First published: