অভিনেতা ৰণবীৰ সিঙে পত্নী তথা অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি geharaiyaan ছবিত অভিনেত্ৰীগৰাকীৰ পাৰফৰ্মেন্সক প্ৰশংসা কৰিছে। ফটোখনত ৰণবীৰ আৰু দীপিকাক লিপলক কিচ কৰা দেখিবলৈ পোৱা গৈছে। বেকগ্ৰাউণ্ডত সাগৰৰ পাৰ। এই ফটোখন এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
ৰণবীৰ সিঙে ফটো শ্বেয়াৰ কৰি ছচিয়েল মিডিয়াত লিখিছে যে, এক মাষ্টাৰক্লাছ পাৰফৰ্মেন্স দিছে। তেওঁ লগতে লিখিছে- 'ডুবে......হা ডুবে....চুপাৰটেলিভ অৌৰ চাৱলাইম! কি যে এক মাষ্টাৰক্লাছ প্ৰদৰ্শন, বেবী! ইমান সুন্দৰ, সূক্ষ্ম আৰু হৃদয়স্পৰ্শী অভিনয়! .. সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন! তুমি মোক গৌৰৱান্বিত কৰিলা!"'
Geharaiyaan OTT প্লেটফৰ্মত ৰিলিজ হৈছেঃ
Geharaiyaan আজি আমাজন প্ৰাইম ভিডিঅ'ত মুক্তি দিয়া হৈছে। দীপিকা পাডুকনৰ উপৰিও ছবিখনত সিদ্ধান্ত চতুৰ্বেদী, অনন্যা পাণ্ডে আৰু ধৈৰ্য্য কৰ্মাও অভিনয় কৰিছে। প্ৰথমে, সিদ্ধান্ত দীপিকাৰ ভগ্নী অনন্যা পাণ্ডেৰ প্ৰতি কমিটেড যেন লাগিছে, কিন্তু গোটেই কেমিষ্ট্ৰী পৰিৱৰ্তন পোৱাৰ ইংগিত পোৱা গৈছে। দীপিকা-সিদ্ধান্ত ইজনে আনজনৰ ক্লোজলৈ আহিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|