ইমাৰজেন্সী ছবিৰ শ্বুটিঙৰ বাবে অসমত পুনৰ উপস্থিত হ’ল বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱট। ১৭ নৱেম্বৰৰ নিশাৰ পৰা বলীউদৰ এই নতুন ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ পৰিছে অভিনেত্ৰী কংগনা ৰানাৱট।
জানিব পৰা মতে, কাজিৰঙাৰ হংথৰ অতিথিশালাত বৃহস্পতিবাৰে নিশা মোহময়ী অভিনেত্ৰীগৰাকী উপস্থিত হয়। কাৰ্বি পাহাৰৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত হংথৰ অতিথিশালাৰ সকলোতকৈ সুন্দৰ কোঠা অৰ্থাৎ ৯ নম্বৰৰ কোঠাত নৈশ যাপন কৰে কংগনা ৰানাৱটে। অতিথিশালাখনৰ মুঠ ১১টা কোঠা বুকিং কৰাৰ লগতে তেওঁ ব্যক্তিগত চেফে ৰন্ধা আহাৰহে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা অতিথিশালাখনত সকলো লোকৰে প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে। চলিত মাহৰ শেষলৈকে এই অতিথিশালাৰে অতিথি হৈ থাকিব কংগনা ৰানাৱট।
উল্লেখযোগ্য যে, বোকাখাতৰ নিকৰিঘাটৰ পিছত কাজিৰঙাৰ দাঁতিকাষৰীয়া কাৰ্বিআংলঙৰ ভালুকজুৰী জলপ্ৰপাতত 'ইমাৰজেন্সী' ছবিৰ শ্বুটিং চলিব। ইতিমধ্যে সেই স্থানত ঘৰ আৰু বাংকাৰ সাজু কৰা হৈছে। কাৰ্বিআংলঙৰ সেউজ ভূমিত উপস্থিত হোৱা বলিউদ কুইন কংগনা ৰানাৱটক লৈ কাৰ্বি আংলঙৰ লোকসকলে গৌৰাম্বিত অনুভৱ কৰিছে।
মন কৰিবলগীয়া যে, ইন্দিৰা গান্ধীৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া কংগনা ৰানাৱটে 'ইমাৰজেন্সী' ছবিখনৰ শ্বুটিঙৰ বাবে লোকেচন বিচাৰি বিগত ১ নৱেম্বৰত পোনপ্ৰথমবাৰলৈ অসমলৈ আহিছিল। কাজিৰঙাৰ হংথৰ ৰিজ’ৰ্টত পাঁচ দিন বাহৰ পাতি কংগনাই কাৰ্বি আংলঙকে ধৰি কাজিৰঙাৰ বিভিন্ন ঠাইত ‘ইমাৰজেন্সী’ নামৰ চিনেমাৰ ল’কেচন চাই বাচনি কৰিছিল। এতিয়া সেই লোকেচনত শ্বুটিং আৰম্ভ হৈছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|