உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Priyanka Chopra-Nick Jonas : প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ হ'ব নেকি বিবাহ বিচ্ছেদ, Viral হৈছে প্ৰিয়ংকাৰ এক বিশেষ ইমেজ

    Priyanka Chopra-Nick Jonas : প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ হ'ব নেকি বিবাহ বিচ্ছেদ, Viral হৈছে প্ৰিয়ংকাৰ এক বিশেষ ইমেজ

    file image

    file image

    Priyanka Chopra-Nick Jonas : অলপতে প্ৰিয়ংকাই এক ইণ্টাৰভিউত তেওঁৰ জীৱনৰ সকলোতকৈ প্ৰিয় উপহাৰটো নিকে আঙুঠি পিন্ধাওতে দিয়া আঙুঠিটো বুলি মন্তব্য কৰিছিল। কিছুদিন পূৰ্বে লছ এঞ্জেলছৰ ঘৰত নিক-প্ৰিয়ংকাই আনন্দেৰে দীপাৱলী উদযাপন কৰা ফটোও ভাইৰেল হৈছিল।  

    • Share this:
    প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra Jonas) আৰু নিক জোনাছ (Nick Jonas)ৰ মাজত বিবাহ বিচেছেদৰ অনুমানক লৈ তোলপাৰ হৈ পৰিছে ছচিয়েল মিডিয়া। প্ৰিয়ংকা চোপ্ৰাই নিজৰ নামৰ পিছৰ পৰা আচম্বিতে ‘জোনাছ‘ উপাধিটো আঁতৰাই দিয়াৰ লগে লগে বিচ্ছেদৰ অনুমানক (Priyanka Nick Divorce Rumours) লৈ চৌদিশে তুমুল চৰ্চা হৈছে। এই গুজৱৰ মাজতে বিচেছেদৰ এই অনুমান খণ্ডন কৰিছে প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰা (Madhu Chopra)ই। প্ৰিয়ংকাৰ মাতৃয়ে কয় যে এই সকলোবোৰ মিছা, উৰাবাতৰিত বিশ্বাস নকৰিব। আচলতে প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু সালসলনি কৰিছে য'ত প্ৰিয়ংকাই নিজৰ ‘জোনাছ‘ উপাধি  উঠাই দিছে। ইয়ৰ পিছতে ছচিয়েল মিডিয়াত তুমুল ভাইৰেল হৈছে প্ৰিয়ংকাৰ ইনষ্টাৰ ইমেজ।



    প্ৰিয়ংকাৰ ইনষ্টা একাউণ্টত এই সলনিয়ে তেওঁৰ অনুৰাগীসকলক আচৰিত কৰি তোলে। লগে লগে চেলিব্ৰিটী দম্পতীৰ বৈবাহিক সম্পৰ্কক লৈ নানা আলোচনাৰে গৰম হৈ পৰে ছচিয়েল মিডিয়া। অধিকাংশ লোকেই প্ৰিয়ংকা আৰু নিকৰ অচি সোনকালেই বিবাহ বিচ্ছেদ হ'ব বুলি মন্তব্য কৰি নেট দুনীয়াত তোলপাৰ লগাই আছে। তাৰ পিছতে প্ৰতিক্ৰিয়া দাবলৈ বাধ্য হৈছে প্ৰিয়ংকাৰ মাতৃ।

    উল্লেখ্য যে ২০১৮ চনত প্ৰিয়ংকা আৰু নিকৰ মহা ধুমধামেৰে বিবাহ হৈছিল। হলীউডৰ ধাৰাবাহিক ছুটিঙৰ সময়ত প্ৰিয়ংকাই নিকক লগ পাইছিলআৰু পিছত দুয়ো বিবাহ পাশত আবদ্ধ হৈছিল।

    অলপতে প্ৰিয়ংকাই এক ইণ্টাৰভিউত তেওঁৰ জীৱনৰ সকলোতকৈ প্ৰিয় উপহাৰটো নিকে আঙুঠি পিন্ধাওতে দিয়া আঙুঠিটো বুলি মন্তব্য কৰিছিল। কিছুদিন পূৰ্বে লছ এঞ্জেলছৰ ঘৰত নিক-প্ৰিয়ংকাই আনন্দেৰে দীপাৱলী উদযাপন কৰা ফটোও ভাইৰেল হৈছিল।
    Published by:Manjumoni Borah
    First published: