মুখ্যপৃষ্ঠা » খবৰ

» মনোৰঞ্জন

»হ'ব বিচাৰিছিল কৃষক, কিন্তু হ'ল বলীউডৰ অভিনেতা–ছুপাৰ মডেল, ৬ বছৰ বয়সৰ ৰূপত চিনিব পাৰিছেনে তেওঁক?

হ'ব বিচাৰিছিল কৃষক, কিন্তু হ'ল বলীউডৰ অভিনেতা–ছুপাৰ মডেল, ৬ বছৰ বয়সৰ ৰূপত চিনিব পাৰিছেনে তেওঁক?

News18 Assam | News18-Assam
Updated:October 13, 2021, 6:52 PM IST
হ'ব বিচাৰিছিল কৃষক, কিন্তু হ'ল বলীউডৰ অভিনেতা–ছুপাৰ মডেল, ৬ বছৰ বয়সৰ ৰূপত চিনিব পাৰিছেনে তেওঁক?
অভিনেতাগৰাকীৰ মতে, আটাইতকৈ ভাল কথাটো হ'ল খাদ্য নিজে উৎপাদন কৰা আৰু নিজৰ শিপালৈ উভতি যোৱা।

অভিনেতাগৰাকীৰ মতে, আটাইতকৈ ভাল কথাটো হ'ল খাদ্য নিজে উৎপাদন কৰা আৰু নিজৰ শিপালৈ উভতি যোৱা।

  • Share this:

বহু লোকে পুৰণি ছবিবোৰ থ্ৰোবেক হিচাপে শ্বেয়াৰ কৰিবলৈ ভাল পায়। এনে লোকৰ তালিকাত আছে বলীউডৰ অভিনেতা আৰু ছুপাৰমডেল মিলিন্দ সুমনো। (Milind Soman Viral) মিলিন্দ সুমনে অলপতে নিজৰ এখন শৈশৱৰ ছবি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। যিয়ে ছ'চিয়েল মিডিয়াত নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে।


এই ছবিখন তোলাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৬ বছৰ। অনুৰাগীসকলে ছবিখন চাই মিলিন্দক প্ৰায় চিনিব পৰা নাছিল। বহুতে ছবিখনক লৈ মন্তব্য কৰোঁতে এই কথা কৈছিল। মিলিন্দে সৰুতে এগৰাকী কৃষক হ'ব বিচাৰিছিল। তেওঁ ছবিখনৰ সৈতে এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল আৰু অনুৰাগীসকলক কৈছিল, 'মই ৬ বছৰ বয়সত এজন কৃষক হ'ব বিচাৰিছিলোঁ। আৰু এতিয়া ৫০ বছৰৰ পিছত মই কেৱল শুনিছোঁ যে পাচলিবোৰত ৰং দিয়া হয়, ফলত বেজী দিয়া হয়। আটাইতকৈ ভাল কথাটো হ'ল সেইবোৰ নিজে উৎপাদন কৰা আৰু নিজৰ শিপালৈ উভতি যোৱা।'













View this post on Instagram






A post shared by Milind Usha Soman (@milindrunning)





মিলিন্দ সুমনে সদায় ফিটনেছৰ বিষয়ে যথেষ্ট সচেতন। অভিনেতাজনে বিভিন্ন ঠাই ভ্ৰমণ কৰি ফিটনেছৰ বিষয়ে উল্লেখ কৰে। তেওঁৰ জীৱন সংগী অংকিতা কোঁৱৰ।


মেড ইন ইণ্ডিয়া এলবামত কাম কৰাৰ পিছতে মিলিন্দে জনপ্ৰিয়তা অৰ্জন কৰিছিল। মিলিন্দে তেতিয়াৰ পৰা একাধিক সংগীত ভিডিঅ', মডেলিং আৰু ৰেচিং প্ৰতিযোগিতাত দৃষ্টি আকৰ্ষণ কৰিছে। মিলিন্দে বলীউডত একাধিক চলচ্চিত্ৰও কৰিছে। ছেফ, বাজিৰাও মস্তানি, ১৬ ডিচেম্বৰ ইয়াৰ ভিতৰত অন্যতম।

Published by: Gautam Barman
First published: October 13, 2021, 6:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি