বৰ্তমান সময়ত বলীউদৰ অন্যতম সফল অভিনেত্ৰী কিয়াৰা আদৱানীৰ জীৱনৰ এক অন্যতম ৰহস্য পোহৰলৈ আহিছে। বলিউদৰ ছবিত অভিনয় কৰাৰ পূৰ্বে অভিনেত্ৰী কিয়াৰা আদৱানীয়ে কৰিছিল এক বিশেষ কাম।
কবীৰ সিং, মহেন্দ্ৰ সিং ধোনী আদি ছবিৰে বলীউদত বিশেষ সফলতা লাভ কৰা অভিনেত্ৰী কিয়াৰা আদৱানীয়ে বলীউদত খোজ দিয়াৰ পূৰ্বে এখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ–ছাত্ৰীক চোৱা–চিতা কৰাৰ কাম কৰিছিল। অভিনেত্ৰীগৰাকীৰ নতুন ছবি গুড ন্যুজৰ প্ৰচাৰৰ বাবে অভিনেতা অক্ষয় কুমাৰৰ সৈতে এক সাক্ষাৎকাৰত ভাগ লৈ এই কথা উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘মোৰ মাৰ এখন প্ৰাথমিক বিদ্যালয় আছিল। বলীউদলৈ অহাৰ পূৰ্বে মই মাৰ বিদ্যালয়খনতে ব্যস্ত আছিলো। পুৱা ৭ বজাত ঘৰৰ পৰা ওলাই গৈছিলো আৰু বিদ্য়ালয়খনত কণ কণ ছাত্ৰ–ছাত্ৰীসকলক চোৱা চিতা কৰিছিলো।’