কেটৰিনা কাইফ (Katrina Kaif) আৰু বিকি কৌশল (Vicky Kaushal)ৰ বহু চৰ্চিত বাবাহ বৃহস্পতিবাৰে ৰাজস্থানত সম্পন্ন হৈ যায়। বিগত কেইবাদিন ধৰি সমগ্ৰ দেশতে বলীউডৰ এইখন হাই প্ৰফাইল বিয়া (Katrina Kaif-Vicky Kaushal Wedding)ৰ বাতৰিয়ে আলোড়নৰ সৃষ্টি কৰিছিল। বিয়াৰ পিছতে বিকি আৰু কেটৰিনাই ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি এই কথা ৰাজহুৱা কৰে আৰু সকলোৰে আশীৰ্বাদ বিচাৰে। মোহময়ী কেটৰিনা আৰু হেণ্ডছাম বিকি কৌশলৰ এই সুন্দৰ যুটিটোৱে অনুৰাগীসকলৰ পৰা অপাৰ শুভেচ্ছা লাভ কৰিছে। বৃহস্পতিবাৰে বিয়াৰ পিছত আজিয়েই হনীমুন (Katrina Kaif-Vicky Kaushal Honeymoon)ৰ বাবে ৰাওনা হ'ব বিকি-কেট।
বিয়াৰ পিছত গৃহ প্ৰবেশৰ পূৰ্বেই হনীমুন (Honeymoon)লৈ যাব বলীউডৰ এই নতুন দম্পতী। ৰাজস্থানৰ ছৱাই মাধোপুৰৰ ছিক্স ছেন্স দুৰ্গৰ হোটেল (Six Senses Fort Barwara)ত কেটৰিনা কাইফ আৰু বিকি কৌশল (Katrina Kaif-Vicky Kaushal)ৰ বিবাহ সম্পন্ন হয়। বিয়াৰ কথা কোনোদিনে ৰাজহুৱা নকৰাকৈ বৃহস্পতিবাৰে দুয়ো একেডাল সূতাৰে বান্ধ খাই পৰিল। বিয়াৰ পিছতে আজি ৰাজস্থানৰ পৰা সকলো আত্মীয় আৰু অতিথি মুম্বাইলৈ ৰাওনা হ'ব। ইপিনে গৃহ পৰ্বেশৰ আগে আগে নতুন জীৱনৰ আনন্দ উপভোগৰ বাবে আজিয়েই হনীমুনলৈ ৰাওনা হ'ব কেটৰিনা কাইফ আৰু বিকি কৌশল (Katrina Kaif-Vicky Kaushal)।
ইণ্ডিয়া টুডেৰ বাতৰি মতে কেটৰিনা আৰু বিকিয়ে জয়পুৰৰ পৰা মুম্বাইলৈ যাব। কিন্তু মুম্বাইত গৃহ প্ৰবেশ নকৰি মুম্বাই বিমান বন্দৰৰ পৰাই পোনে পোনে হনীমুন (Honeymoon)ৰ বাবে যাব মালদ্বীপ (Maldives)লৈ।
ইপিনে হনীমুনৰ পৰা উভতি অহাৰ পিছতে মুম্বাইত বিয়াৰ অভ্যৰ্থনা (Reception Party)ৰ আয়োজন কৰিব কেটনা কাইফ আৰু বিকি কৌশলে। ৭০০ বছৰীয়া পুৰণি গুৰ্গত ৰাজকীয় বিবাহ সম্পন্ন কৰাৰ পিছতে মুম্বাইত অভ্যৰ্থনা পাৰ্টী দিব মতুন দম্পতীয়ে। ইয়াৰ বাবে মুম্বাই তাজ লেণ্ডছ এণ্ড (Taj Lands End) হোটেলখন বাছনি কৰিছে বুলি বাতৰিত প্ৰকাশ।
Published by: Manjumoni Borah
FIRST PUBLISHED : December 10, 2021, 08:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।