কৰীণা কাপুৰ খান (Kareena Kapoor Khan)ৰ জনপ্ৰিয়তাৰ সমানে সমানে তেওঁৰ অনুৰাগীৰ সংখ্যাও অগণনা। কিন্তু তাৰ মাজতে কৰীণা কাপুৰ প্ৰায়েই ছ'চিয়েল মিডিয়াত ট্ৰ'ল হৈ আহিছে (Kareena Kapoor trolled)। বিভিন্ন বিষয়ক লৈ সমালোচিত হৈছে কৰীণা। শেহতীয়াকৈ তেনে এক ঘটনাৰেই পুনৰাবৃত্তি ঘটিল। অভিনেত্ৰীগৰাকীক অত্যধিক অহংকাৰী বুলি ট্ৰ'ল কৰা হৈছে ছচিয়েল মিডিয়াত। এজন নিৰাপত্তাৰক্ষীৰ সৈতে কৰা আচৰণৰ বাবে কৰীণাৰ বিৰুদ্ধে নেটিজেন ক্ষুব্ধ হৈ পৰিছে।
শেহতীয়াকৈ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত এজন বৃদ্ধ নিৰাপত্তাৰক্ষী (Security Guard)য়ে থিয় হৈ কৰীণাক অভিবাদন জনোৱা দেখা গৈছে। কিন্তু অভিনেত্ৰীগৰাকীয়ে (Kareena Kapoor Khan) তেওঁৰ সন্মুখেৰে পাৰ হৈ গ'ল ।দিও নিৰাপত্তাৰক্ষীজনলৈ ঘূৰিয়েই নাচালে। আনকি তেওঁলৈ কোনো গুৰুত্ব দিয়াও নাছিল। নেটিজেনসকলে কৰীণাৰ এনে আচৰণৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে । তেওঁলোকে অভিযোগ কৰে যে কৰীণা কাপুৰ খান বহুত 'অহংকাৰী'। এজন লোকে লিখিছে, "নিৰাপত্তাৰক্ষীজনে আপোনাক অভিবাদন জনাইছিল। কিন্তু আপুনি তেওঁক সম্ভাষণ জনোৱা নাছিল।" আন এজনে লিখিছে, "বাপৰে আপুনি ইমান অহংকাৰী ! এবাৰ সেই বৃদ্ধজনৰ উত্তৰো নিদিলে! এইটোৱে বুজায় যে আপুনি মনৰ দিশত কিমান নীচ।" চাওক ভিডিঅ'টো-
অৱশ্যে একাংশ অনুৰাগীৰ মতে কৰীণাই সেই বৃদ্ধ নিৰাপত্তাৰক্ষীজনক দেখা নাছিল। এইবাৰেই নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ কৰীণাই এনদৰে নেট দুনীয়াৰ ট্ৰ'লৰ সন্মুখীন হৈছে। কিন্তু কৰীণাই এইবোৰ কথাত ইমানো গুৰুত্ব দিয়া দেখা নাযায়। কৰীণাৰ ধৰ্মৰ পৰা আৰম্ভ কৰি দুই সন্তানৰ নাম, সীতাৰ চৰিত্ৰত অভিনয় আদিকে কৰি নানানটা ট্ৰ'লৰ সন্মুখীন হৈছিল কৰীণা কাপুৰ খান।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|