Karina Kapoor Khan : কৰীণা কাপুৰ খান (Kareena Kapoor Khan) কোৰোণাত আক্ৰান্ত হোৱাৰ পিছৰে পৰা সম্পূৰ্ণ আইছোলেচনত আছিল। অভিনেত্ৰীগৰাকীৰ বাবে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ পৰা আঁতৰি থকাটো যথেষ্ট কঠিন আছিল। এতিয়া অভিনেত্ৰীগৰাকীৰ কোভিড-19 (Kareena Kapoor Khan Covid 19) পৰীক্ষাৰ ৰিপোৰ্ট নিগেটিভ আহিছে। কৰীণাই নিজেই তেওঁৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে। নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে কৰীণাই।
কৰীণাই ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্টেৰে কৃতজ্ঞতা প্ৰকাশ কৰিছে
কৰীণাই বিশেষকৈ তেওঁৰ স্বামী ছইফ আলী খানক কৃতজ্ঞতা প্ৰকাশ কৰিছে। কাৰণ অভিনেত্ৰীগৰাকী কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছৰে পৰা হোটেলৰ কোঠাত বাস কৰি আছিল ছইফ আলী খান। আইচোলেচনত থকা সময়ছোৱাত ছইফ আৰু কৰীণা সম্পূৰ্ণ বিচ্ছিন্ন হৈ আছইল। কৰীণাই লিখিছে, "মোৰ কোভিড-১৯ টেষ্ট ৰিপোৰ্ট নিগেটিভ আহিছে।"
কৰীণাই লগতে কয়, 'মোৰ মৰমৰ বন্ধুবৰ্গ, পৰিয়ালকে ধৰি সকলোকে ধন্যবাদ।' অভিনেত্ৰীগৰাকীয়ে অনুৰাগী, চিকিৎসক আৰু বিএমচিকো ধন্যবাদ জনাইছে। কৰীণাই ছইফৰ কথা উল্লেখ কৰি কয়, 'অৱশেষত মোৰ মৰমৰ স্বামীক ধন্যবাদ যি ইমান দিন পৰিয়ালৰ পৰা আঁতৰত থকা এখন হোটেলৰ কোঠাত ধৈৰ্য্য সহকাৰে অকলে আছিল। সকলোকে বৰদিনৰ শুভেচ্ছা। সুৰক্ষিত থাকক!’
কৰীণাই এই মাহৰ আৰম্ভণিতে এটা পাৰ্টিত অংশ গ্ৰহণ কৰিছিল যাৰ পিছত তেওঁৰ কোভিড-19 পজিটিভ হৈছিল। তাৰ পিছতে তেওঁলোকৰ ঘৰটো কণ্টেইনমেণ্ট কৰি দিয়া হৈছিল। অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ বন্ধু অমৃতা অৰোৰাকো একেদিনাই কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত পোৱা গৈছিল। লগতে মহিপ কাপুৰ, সীমা খান আৰু ছানায়া কাপুৰো আক্ৰান্ত হৈছিল কোৰণাত।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|