কংগনা ৰাণাৱট (Kangana Ranaut) আজিকালি নিজৰ অনুষ্ঠান লক আপ (Lock Upp)ৰ বাবে বাতৰিৰ শিৰোনামত আছে। শেহতীয়াকৈ ডিজিটেল প্লেটফৰ্ম অল্ট বালাজীৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱা আৰু অনুষ্ঠানটোৰ 300 নিযুত ভিউ সম্পূৰ্ণ হোৱাক লৈ কংগনাৰ কাৰাগাৰত উদযাপন কৰা হৈছিল। একতা কাপুৰে (Ekta Kapoor) তেওঁৰ ভায়েক তুষাৰ কাপুৰ (Tusshar Kapoor)ৰ সৈতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল। ইয়াতেই তুষাৰ কাপুৰক লৈ কংগনাই যি কৈছিল, শুনি মানুহে স্তম্ভিত হৈ পৰিছে।
কংগনাই নিজৰ মন্তব্যক লৈ প্ৰায়েই চৰ্চাত থাকে। শেহতীয়াকৈ বিভিন্ন বিষয়ক লৈ বলীউডৰ বহু নামী-দামী তাৰকাৰ সৈতে বিতৰ্কত লিপ্ত হৈ পৰিছিল কংগনা। বলীউডত ড্ৰাগছ কাণ্ডৰ পৰা স্বজন-তোষণ আৰু লবীবাজিক লৈ সৰৱ হৈ পৰিছিল কংগনা। অভিনেতাৰ পৰা আৰম্ভ কৰি পৰচালক প্ৰযোজক সকলোকে টাৰ্গেত কৰিছিল কংগনাই। সেয়ে বলীউডৰ বহুজনেই কংগনাৰ বিৰুদ্ধে উঠিপৰি লাগিছিল।
ইয়াৰ মাজতে কংগনাই কয় যে চলচ্চিত্ৰ উদ্যোগত তেওঁৰ আটাইতকৈ ডাঙৰ সমৰ্থক হৈছে তুষাৰ কাপুৰ। কংগনাই কৈছিল যে উদ্যোগটোৰ লোকসকলৰ সৈতে তেওঁৰ যিমান কাজিয়া হৈছিল সকলোতে প্ৰথমেই তুষাৰে কংগনাক সমৰ্থন কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|