মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »ছবি জগতৰ লোকসকলে মোক পাগলে কওক বা মেণ্টেল, মই গুৰুত্ব নিদিওঃ কংগনা ৰানাৱট

ছবি জগতৰ লোকসকলে মোক পাগলে কওক বা মেণ্টেল, মই গুৰুত্ব নিদিওঃ কংগনা ৰানাৱট

অভিনেত্ৰী কংগনা ৰানাৱটে ক’লে যে বলীউডত এটা সময়ত তেওঁক পাগল বুলি কৈছিল। কিন্তু এতিয়া এইবিলাক কথাত তেওঁ গুৰুত্ব নিদিয়ে।

অভিনেত্ৰী কংগনা ৰানাৱটে ক’লে যে বলীউডত এটা সময়ত তেওঁক পাগল বুলি কৈছিল। কিন্তু এতিয়া এইবিলাক কথাত তেওঁ গুৰুত্ব নিদিয়ে।

অভিনেত্ৰী কংগনা ৰানাৱটে ক’লে যে বলীউডত এটা সময়ত তেওঁক পাগল বুলি কৈছিল। কিন্তু এতিয়া এইবিলাক কথাত তেওঁ গুৰুত্ব নিদিয়ে।

  • Share this:
    শীঘ্ৰে ছবি ‘জজমেণ্টেল হ্যে ক্যয়া?’ৰ সৈতে ডাঙৰ পৰ্দাত ভুমুকি মাৰিবলৈ প্ৰস্তুত হৈ থকা কংগনা ৰানাৱটে বৰ্তমান ছচিয়েল মিডিয়াত সৃষ্টি কৰিছে বিতৰ্কৰ। ছবিখনৰ ট্ৰেইলাৰ উন্মোচন হোৱাৰ সময়ত কংগনাই ক’লে যে যেতিয়া ছবিখনৰ পোষ্টাৰ আহিছিল, তেতিয়া লোকসকলে ছবিখনৰ নাম পঢ়িয়েই কৈছিল যে, ‘কংগনা ছবিখনৰ নামৰ সৈতে একে সাদৃশ্য থকা দেখা যায়।’ কিন্তু কংগনাই ক’লে যে ছবিজগতৰ লোকসকলে তেওঁক কি বুলি ভাৱে সেইটোৰত তেওঁ গুৰুত্ব নিদিয়ে।

    কংগনাই ক’লে, ‘মোক ছবিজগতৰ লোকসকলে কি বুলি সম্ভাষণ কৰে সেইবিলাকে মোৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু বিগত ২–৩ বছৰত, মই যিবিলাক ঘটনাৰ সৈতে যুঁজ দিছো, এই ছবিখনৰ কাহিনীৰ সৈতে সংযুক্ত হ’ব পাৰিছো।

    এই ছবিখনৰ কাহিনী তেওঁৰ প্ৰকৃত জীৱনটোৰ দৰে প্ৰায় একেই বুলি কংগনাই ক’লে।

    অপদষ্ট কৰাৰ চেষ্টা



    কংগনাই ক’লে যে বলীউডত মোক কোনোধৰণৰ সমৰ্থনৰ প্ৰয়োজন নাই। ঋত্বিক ৰোশন, আদিত্য পঞ্চালী আৰু পৰিয়ালকেন্দ্ৰিক কাৰণত কৰণ জোহৰ আৰু শ্বেইফ আলী খানৰ সৈতে হোৱা সংঘৰ্ষৰ কংগনা এগৰাকী সাহসী নাৰী।

    কংগনাই ক’লে, ‘মোৰ জীৱনত এবাৰ হ’লেও এনেকুৱা সময় আহিছিল, যেতিয়া ছবিজগতৰ লোকসকলে মোক অপদষ্ট কৰাৰ চেষ্টা চলাইছিল। বহুজনে কৈছিল যে কংগনাৰ মানসিক সমস্যা আছে, যাৰ বাবে এনেকুৱা ধৰণৰ দাবী কৰিছে।’

    মোৰ দৰে চৰিত্ৰ
    ছবিখনৰ কাহিনী সন্দৰ্ভত কংগনাই ক’লে যে যেতিয়া মই এই কাহিনীটো শুনিছিলো মোৰ এই কাহিনীটো আৰু চৰিত্ৰটোৰ প্ৰতি সহানুভূতি উপজিছিল। কাহিনী শুনি এনেকুৱা অনুভৱ হৈছিল যে এই কাহিনীটো মোৰ জীৱনৰ আধাৰতে লিখা হৈছে।



    কংগনাই ক’লে তেওঁক এই কথাটোত গুৰুত্ব নিদিয়ে যে ছবিজগতৰ লোকসকলে তেওঁক পাগলে কওক বা মেণ্টেল বা ঝাঞ্চীৰ ৰানীয়েই কওক।

    শেহতীয়া বাতৰি