‘এটা সময়ত বলীউডৰ বহুতে অভিনেত্ৰী কংগনা ৰানাৱটক পাগল অথবা মেণ্টেল বুলি অভিহিত কৰিছিল। কিন্তু এতিয়া তেনে ধৰণৰ কথাক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে অভিনেত্ৰীগৰাকীয়ে!’
অতি শীঘ্ৰে ছবিগৃহলৈ আহিব অভিনেত্ৰী কংগনা ৰানাৱটৰ নতুন ছবি ‘জাৰ্জমেণ্টেল হ্যে ক্য়া?’ ছবিখনক লৈ এতিয়া ভিষণ ব্যস্ত কংগনা ৰানাৱট। ছবিখনৰ নামটোৱে এতিয়া আকৰ্ষিত কৰিছে সকলোকে। ছবিখনকলৈও এতিয়া বলীউডৰ ভিতৰে বাহিৰে চলিছে ব্যাপক চৰ্চা।
ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়াৰ সময়ত সাংবাদিকৰে হোৱা মুখামুখিত কংগনাই কয় যে অভিনেত্ৰীগৰাকীকো এটা সময়ত ছবি জগতৰ বহুতে মেণ্টেল, পাগল বুলি অভিহিত কৰিছিল। কিন্তু বৰ্তমান সময়ত তেনে ধৰণৰ কথাত অলপো গুৰুত্ব নিদিয়ে অভিনেত্ৰীগৰাকীয়ে।
কংগনাই লগতে কয় যে ছবিখন সম্পূৰ্ণ ব্যতিক্ৰমী ধৰণৰ। বিগত দুই তিনি বছৰ ধৰি ছবিখনৰ কামত ব্যস্ত আছিল অভিনেত্ৰীগৰাকী। সেইদৰে ছবিখনৰ কাহিনী ভাগ কংগনাৰ ৰিয়েল লাইফৰ লগতো ভালেখিনি মিলে বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।
কংগনা আৰু ৰাজকুমাৰ ৰাওৱে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখন অহা ২৬ জুলাইত দেশজুৰি মুক্তি লাভ কৰিব।
Published by: Dulu Medhi
FIRST PUBLISHED : July 04, 2019, 21:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।