মুক্তি পালে শ্বাহিদ কাপুৰৰ ছবি ‘কবিৰ সিং’। মুক্তি পোৱাৰ পিছতে মিশ্ৰিত ৰিভিউজ পাইছে ছবিখনে। ইয়াৰ পিছতো প্ৰথমটো দিনতে উল্লেখনীয় উপাৰ্জন কৰিছে ‘কবিৰ সিঙে’। মুক্তিৰ দিনটোতে ২০ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে লগতে শ্বাহিদ কাপুৰৰ ছবিখন যথেষ্ট পচন্দ কৰিছে লোকসকলে। প্ৰথমটো দিনতে আকৰ্ষণীয় উপাৰ্জনৰ লগতে ‘কবিৰ সিং’ ছবিখনক লৈ আশ্বৰ্যকৰ কথা প্ৰকাশ পাইছে। ইয়াৰ পিছতে ছবিখনৰ উপাৰ্জনৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিছে।
ছবিখন মুক্তি পোৱাৰ কেইটামান ঘণ্টাৰ পিছতে পাইৰেটেড ৱেবছাইট Tamilrockersত অনলাইন লিক হ’ল। ‘কবিৰ সিং’ অনলাইন হোৱাৰ পাইৰেটেড লিংক ছচিয়েল মিডিয়াত বহুতে শ্বেয়াৰ কৰি আছে। কুখ্যাত পাইৰেটেড ৱেবছাইট তামিলৰকাৰ্ছে ছবিখন লিক কৰাৰ লগতে বিনামূলীয়াকৈ ডাউনলোডো কৰিব পাৰিব বুলি প্ৰকাশ কৰে। এইখনেই প্ৰথমখন বলীউড ছবি নহয় যিখন ছবি Tamilrockers–এ লিক কৰিছে। ইয়াৰ পূৰ্বেও ‘দে দে প্যাৰ দে’, ‘টোটেল ধমাল’ আৰু ‘ভাৰত’ৰ ছবিও লিক হৈছে।
![]()
যিকোনো এখন ছবি নিৰ্মাণ কৰিবলৈ হাজাৰজন লোকৰ কষ্ট আৰু কোটি কোটি টকা খৰচ কৰিবলগীয়া হয় আৰু Tamilrockersৰ দৰে পাইৰেটেড ৱেবছাইটে এই লোকসকলৰ বছৰজোৰা কষ্টত পানী ঢালি অসাধু উপায়েৰে ধন উপাৰ্জন কৰে। আমি আমাৰ তৰফৰ পৰা এটাই অনুৰোধ জনাও যে এইসমূহ কামক প্ৰশ্ৰয় নিদিব। Tamilrockers নিষেধাজ্ঞা কৰিবলৈ চৰকাৰৰ লগতে নিৰ্মাতাসকলেও পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই পাইৰেটেড ৱেবছাইটোৱে ছবিসমূহ পৃথক পৃথক Domainৰ জৰিয়তে লিক কৰিবলৈ সফল হয়।
![]()
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|