আকৌ এবাৰ নতুন ৰূপত বলীউদৰ একছন হিৰ ছানী দেউল। ছানী দেউল আৰু অনিল শৰ্মাৰ যুঁটিয়ে আকৌ এবাৰ চমক দিব চলচিত্ৰপ্ৰেমীক।
নিৰ্মাণ হ'ব বলীউদৰ অল টাইম ব্লক ব্লাষ্টাৰ ছবি 'গদ্দৰ'ৰ ছিকুৱেল। শুকুৰবাৰে মুকলি কৰা হয় নিৰ্মাণ হ'বলগীয়া 'গদ্দৰ ২' ছবিৰ মোছন পোষ্টাৰ। ছানী দেউলেও নিজৰ ছচিয়েল মিডিয়া ছাইটৰ জৰিয়তে শ্বেয়াৰ কৰিছে ছবিখনৰ পোষ্টাৰ।
২০২২ চনত মুক্তি লাভ কৰিব ছবিখনে। ছবিখনৰ মোছন পোষ্টাৰৰ মিউজিক অতি আকৰ্ষণীয়। ইয়াৰ জৰিয়তে কাষ্ট আৰু টিমৰ ইনট্ৰডাকশ্যনন দিয়া হৈছে। ছবিখনত পুনৰ ছানী দেউলৰ লগতে অমীশা পেটেল আৰু উত্কৰ্ষ সিঙক দেখবলৈ পোৱা যাব।
ছবিখন পৰিচালনা কৰিব 'গদ্দৰ'ৰ পৰিচালক অনিল শৰ্মাই। অনিল শৰ্মা প্ৰডাকশ্যন কোম্পানী আৰু জি ষ্টুডিওই প্ৰযোজনা কৰিব ছবিখন। শক্তিমানে লিখিছে ছবিখনৰ কাহিনী। সংগীত পৰিচালনা কৰিছে মিথুনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|