কোৰোণাকালীন এই সময়ত এতিয়া নিজকে ভিন্ন চিন্তাৰ পৰা মুক্ত কৰি ৰখাৰ উপায় হৈ পৰিছে ভিন্ন মনোৰঞ্জনধৰ্মী কামত নিজকে ব্যস্ত কৰিছে । এখন ভাল ছবি,ৱেব চিৰিজেও আপোনাক ভিন্ন চিন্তাৰ পৰা আঁতৰাই ৰাখিব । সেয়েহে মহামাৰী এই সকলো স্তব্ধ হৈ পৰাৰ বাবে এতিয়া মানুহে ঘৰত বহি অ'টিটি (OTT) প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন ধৰণৰ ছবি উপভোগ কৰিব পাৰে। নেটফ্লিক্স (Netflix) আৰু আমাজন প্ৰাইম (Amazon Prime)ৰ দৰে ডিজিটেল প্লেটফৰ্মত চলিত সপ্তাহত মুক্তিৰ বাবে সাজু হৈছে ভাল ভাল ছবি আৰু ৱেব চিৰিজ ।
ডিজনী প্লাছ হটষ্টাৰত ২৪ জুনত মুক্তি পাবলগীয়া ৱেব চিৰিজ গ্ৰহন (Grahan) হৈছে এখন অপৰাধ থ্ৰিলাৰ চিৰিজ । এই চিৰিজৰ ট্ৰেইলাৰটো যথেষ্ট ৰোমাঞ্চকৰ হোৱা দেখা গৈছে ।
ধূপ কি দিৱাৰ (Dhoop Ki Deewar) ছবিখন হৈছে এহাল প্ৰেমিক-প্ৰেমিকাৰ কাহিনী, যি ভিডিঅ' কলৰ জৰিয়তে লগ পায় । প্ৰেমিক হালৰ এগৰাকী ভাৰতৰ আৰু আনগৰাকী পাকিস্তানৰ বুলি দেখুওৱা হৈছে । ছবিখন ২৫ জুনত ZEE5 ত প্ৰদৰ্শিত হ'ব।
গুড অন পেপাৰ (Good On Paper) ২৩ জুনত নেটফ্লিক্সত মুক্তি লাভ কৰিব । ইয়াত ৰোমাণ্টিক কমেডিত এগৰাকী ষ্টেণ্ড-আপ কমেডিয়ানৰ প্ৰেমকাহিনী দেখুওৱা হৈছে।
মেক্সিকান ছবি চিৰিজ দ্য হাউচ অফ ফ্লাৱাৰ্ছ (The House of Flowers)ও ২৩ জুন'ত নেটফ্লিক্সত মুক্তি লাভ কৰিব । ছবিখনৰ কাহিনী যথেষ্ট আকৰ্ষণীয়, য'ত শিশুৱে নিজৰ দেউতাকৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ চেষ্টা চলোৱা দেখা যাব ।
বেৱ চিৰিজ টু হট টু হেণ্ডল চিজন২ ( Too Hot To Handle Season 2)ৰ নামটোৱে ইয়াৰ বিষয়ে সকলো কথা বুজাই দিছে । নেটফ্লিক্সত ২৩ জুন'ত মুক্তি পাব লগীয়া এই চিৰিজ ভিন্ন কপলছৰ মাজত সম্পৰ্কৰ বিষয়ে দেখা যাব ।
গডজিলা চিঙ্গুলা পইণ্ট(Godzilla Singular Point) ছবিত সুন্দৰ একচন দেখা যাব, য'ত টাইটানসকলক দেখা যাব। ছবিখন ২৪ জুনত নেটফ্লিক্সত মুক্তি লাভ কৰিব ।
তথ্যচিত্ৰ চিষ্টাৰ্ছ অন ট্ৰেক (Sisters on Track) ত ব্ৰুকলিনত বাস কৰা দুগৰাকী ভগ্নীৰ কাহিনী দেখুওৱা হৈছে, এই তথ্যচিত্ৰখনো ২৪ জুনত নেটফ্লিক্সত মুক্তি পাব। এই ভগ্নীদ্বয় সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।
দ্য ডিকেড ডাইৰেক্টৰ চিজন ২ (The Naked Director Season 2) ছবিখন যথেষ্ট চৰ্চাত আছে, এই ছবিখনো ২৪ জুনত নেটফ্লিক্সত মুক্তি লাভ কৰিব ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|