সুনীলে ইউটিউব-গুগল আৰু ইয়াৰ বিষয়াসকলৰ ওচৰত কেইবাবাৰো অভিযোগ কৰিছিল
সুনীলে ইউটিউব-গুগল আৰু ইয়াৰ বিষয়াসকলৰ ওচৰত কেইবাবাৰো অভিযোগ কৰিছিল
চলচ্চিত্ৰ নিৰ্মাতা সুনীল দৰ্শনে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই, গুগল আৰু ইয়াৰ কেইজনমান বিষয়াৰ বিৰুদ্ধে ইউটিউবত তেওঁৰ ছবি 'এক হাছিনা থি এক দিৱানা থা'ৰ কপিৰাইট উলংঘন (Copyright Infringement)কৰাৰ বাবে এজাহাৰ দাখিল কৰিছে, য'ত তেওঁ অভিযোগ কৰিছে যে তেওঁৰ একচেটিয়া সমল ইউটিউবত বহুতো ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰি আছে, যাৰ ফলত তেওঁ বৃহৎ লোকচানৰ সন্মুখীন হৈছে।
তেওঁ (filmmaker Suneel Darshan) এজাহাৰত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই (Google CEO Sundar Pichai) আৰু কোম্পানীটোৰ আন পাঁচজন কৰ্মচাৰীৰ নামো উল্লেখ কৰিছে। আন্ধেৰী পূব এমআইডিচি আৰক্ষী থানাত কপিৰাইট আইনৰ ধাৰা ৫১, ৬৩ আৰু ৬৯ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।
কপিৰাইট উলংঘন এক বিলিয়নতকৈও অধিক বাৰ হৈছে: সুনীল
সুনীল দৰ্শনে জনোৱা মতে, তেওঁ চিনেমাখন ক'তো আপলোড কৰা নাই আৰু পৃথিৱীৰ কাকো বিক্ৰী কৰা নাই। কিন্তু ইউটিউবত (YouTube) লাখ লাখবাৰ চোৱা হৈছে। তেওঁ গুগলক এই ছবিখন প্লেটফৰ্মৰ পৰা আঁতৰাবলৈ অনুৰোধ কৰিছিল। কিন্তু একো ফল নোপোৱাত তেওঁ হতাশ হোৱা বুলি উল্লেখ কৰে। কোনো বিকল্প বাকী নথকাত আদালতলৈ যাব লগা হয়। সৌভাগ্যক্ৰমে, আদালতে তেওঁৰ পক্ষত নিৰ্দেশ দিয়ে আৰু আৰক্ষীক এখন এজাহাৰ দাখিল কৰিবলৈ কয়। তেওঁ কয়- এক বিলিয়নতকৈও অধিকবাৰ কপিৰাইট উলংঘন হৈছে আৰু মোৰ ওচৰত সেইবোৰৰ প্ৰতিটোৰ ৰেকৰ্ড আছে। তেওঁ কয় যে গুগলে আইন অনুসৰণ কৰা বুলি দাবী কৰে কিন্তু তেওঁলোকৰ কোনো ব্যৱস্থা নাই। তেওঁ প্ৰযুক্তিক প্ৰত্যাহ্বান জনাব নিবিচাৰে যদিও প্ৰযুক্তিৰ অপব্যৱহাৰক প্ৰত্যাহ্বান জনোৱা বুলি কয়।
গুগলে সুনীলৰ অভিযোগ উপেক্ষা কৰিছিল
গোচৰটোৰ ওপৰত আইনী দৃষ্টিভংগী আগবঢ়াই সুনীল দৰ্শনৰ অধিবক্তা আদিত্যই কয় যে তেওঁৰ ছবি 'এক হাছিনা থি এক দিৱানা থা'(‘Ek Haseena Thi Ek Deewana Tha’)ৰ দৃশ্য-শ্ৰাব্য আৰু অডিঅ' আপলোড কৰি কেৱল বজাৰযোগ্যতাই নহয়, ছবিখনৰ দৃশ্য-শ্ৰাব্য আৰু অডিঅ'ৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ মূল্যও যথেষ্ট হ্ৰাস কৰিছে। সুনীলে ইউটিউব-গুগল আৰু ইয়াৰ বিষয়াসকলৰ ওচৰত কেইবাবাৰো অভিযোগ কৰিছিল, কিন্তু তেওঁলোকে এই অভিযোগ উপেক্ষা কৰিছিল আৰু তেওঁলোকৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ অবৈধভাৱে ব্যৱহাৰ কৰি নিজৰ বাবে ডাঙৰ ৰাজহ উপাৰ্জন অব্যাহত ৰাখিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|