'হেৰা ফেৰী' আৰু 'ৱেলকাম'ৰ প্ৰযোজক আব্দুল গফ্ফাৰ নাদিয়াদৱালা ওৰফে এ জি নাদিয়াদৱালাৰ ২২ আগষ্টত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৯১ বছৰ আৰু হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ মৃত্যুৰ পিছত, বলীউড অভিনেতা অজয় দেৱগণে টুইটাৰযোগে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অজয় দেৱগণে স্মৰণ কৰিছিল যে তেওঁৰ দেউতাক বীৰু দেৱগন আৰু এজি নাদিয়াদৱালা বলীউডৰ "সোণালী যুগত" কাম কৰা ঘনিষ্ঠ সহযোগী আছিল। "গফৰভাই নাদিয়াদৱালাৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আমাৰ চিনেমাৰ সোণালী যুগত মোৰ দেউতা আৰু তেওঁ সহকৰ্মী আছিল। এজি নাদিয়াদৱালা চাহাবৰ শান্তি হওক। নাদিয়াদৱালা পৰিয়াললৈ মোৰ সমবেদনা।"
![]()
বলীউড হাঙ্গামাৰ মতে, মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত এজি নাদিয়াদৱালা হৃদৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ পুত্ৰ প্ৰযোজক ফিৰোজ নাদিয়াদৱালাই সংবাদ মাধ্যমক কৈছিল যে প্ৰযোজকৰ পুৱা ১:৪০ বজাত মৃত্যু হৈছিল। খবৰ অনুসৰি এজি নাদিয়াদৱালা ১৯৫৩ চনৰ পৰা উদ্যোগটোত আছিল। প্ৰায় সাত দশক ধৰি, তেওঁ প্ৰদীপ কুমাৰ আৰু দাৰা সিং অভিনীত 'মহাভাৰত (১৯৬৫)'ৰ দৰে কেইবাটাও জনপ্ৰিয় প্ৰকল্পৰ অংশ আছিল।
তেওঁ প্ৰিয়দৰ্শনৰ ছবি 'হেৰা ফেৰী'ও প্ৰযোজনা কৰিছিল। ছবিখনত পৰেশ ৰাৱাল, অক্ষয় কুমাৰ আৰু সুনীল চেট্টীয়ে অভিনয় কৰিছিল। তেওঁ অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱালৰ সৈতে ২০০৭ চনত মুক্তি পোৱা 'ৱেলকাম'ত সহযোগিতা কৰিছিল। তেওঁ ২০০২ চনৰ কমেডি 'আৱাৰা পাগল দিৱানা'ও প্ৰযোজনা কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|