বলীউদৰ জনপ্ৰিয় অভিনতা–অভিনেত্ৰীৰ মুখত এতিয়া অসমৰ কথা। অসমৰ কলা–সংস্কৃতি, ঐতিহ্য, মনোৰম প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা কৰিছে বহুকেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে। অসম পৰ্যটনৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া ফিল্ম–ফেয়াৰ এৱাৰ্ড ২০২০ৰ প্ৰম’ মুকলি কৰা হৈছে। অভিনেত্ৰী ভূমি পাডনেকাৰক প্ৰম’টোত বিহু নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। পৰাম্পৰাগত সাজত ভূমিয়ে বৰ্ণনাও কৰিছে অসমৰ ঐতিহ্যৰ বিষয়ে কিছু কথা। ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক বৰ্ণনা কৰিছে অভিনেতা বৰুণ ধাৱানে।
ফেব্ৰুৱাৰী মাহৰ মাজভাগতে অসমত অনুষ্ঠিত হ’ব বলীউদৰ মেগা এৱাৰ্ড শ্ব’– ফিল্ম ফেয়াৰ এৱাৰ্ড–২০২০। ফিল্ম ফেয়াৰ এৱাৰ্ডৰ বাবে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি। গুৱাহাটীত হ’বলগীয়া ফিল্ম ফেয়াৰ এৱাৰ্ডত এইবাৰ বলীউদৰ কিং খান শ্বাহৰুখ খানে আঁত ধৰাৰ সম্ভাৱনা আছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 29, 2020, 13:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।