• Home
  • »
  • News
  • »
  • entertainment
  • »
  • কিয় ছলমান খানৰ সৈতে কাম কৰিব বিচৰা নাছিল দীপিকা পাডুকণে? নিজেই প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে

কিয় ছলমান খানৰ সৈতে কাম কৰিব বিচৰা নাছিল দীপিকা পাডুকণে? নিজেই প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে

আপুনি জানেনে দীপিকাক বলীউদত সৰ্বপ্ৰথমে অফাৰ দিছিল ছলমান খানে, যি অফাৰ অস্বীকাৰ কৰিছিল দীপিকাই। এই কথা নিজেই স্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

আপুনি জানেনে দীপিকাক বলীউদত সৰ্বপ্ৰথমে অফাৰ দিছিল ছলমান খানে, যি অফাৰ অস্বীকাৰ কৰিছিল দীপিকাই। এই কথা নিজেই স্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

আপুনি জানেনে দীপিকাক বলীউদত সৰ্বপ্ৰথমে অফাৰ দিছিল ছলমান খানে, যি অফাৰ অস্বীকাৰ কৰিছিল দীপিকাই। এই কথা নিজেই স্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

  • Share this:
দীপিকা পাডুকণ (Deepika Padukone) বলীউদৰ সেইসকল অভিনেত্ৰীৰ মাজৰ এগৰাকী যিয়ে পৃথক পৃথক চৰিত্ৰৰ জৰিয়তে মানুহৰ হৃদয় বিশেষ স্থান দখল কৰিছে। ২০০৫ চনত প্ৰথমবাৰৰ বাবে হিমেশ ৰেশমিয়াৰ (Himesh Reshammiya) মিউজিক ভিডিঅ’ ‘নাম হ্যে তেৰা’ত দেখা গৈছিল। এই মিউজিক ভিডিঅ’ৰ পিছত দীপিকাই বলীউদত খোজ পেলাইছিল আৰু ২০০৭ চনত শ্বাহৰুখ খানৰ (Shah Rukh Khan) সৈতে ‘ওম শান্তি ওম’ ছবিত অভিনয় কৰিছিল। কিন্তু আপুনি জানেনে দীপিকাক বলীউদত সৰ্বপ্ৰথমে অফাৰ দিছিল ছলমান খানে, যি অফাৰ অস্বীকাৰ কৰিছিল দীপিকাই। এই কথা নিজেই স্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

দীপিকাই কয়, ‘মোৰ আৰু ছলমানৰ ইকুৱেচন সদায় সুন্দৰ। মই সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ ৰ’ম কিয়ন তেওঁ মোক প্ৰথম ছবিৰ অফাৰ কৰিছিল। মই সেই সময়ত মডেলিং আৰম্ভ কৰিছিলোহে আৰু মোৰ সৈতে কাম কৰা কোনোৱে মোৰ নাম উল্লেখ কৰিছিল। তেওঁ মোৰ ভিতৰত তেতিয়াই সক্ষমতা দেখিছিল, যেতিয়া মই নিজেই জনা নাছিলো।’

দীপিকাই কয় যে তেওঁ সেই সময়ত অভিনয় আৰু ছবিৰ প্ৰতি আগ্ৰহী নাছিল আৰু অভিনয় একেবাৰেই কৰিব বিচৰা নাছিল। সেইবাবেই ছলমানৰ ছবি নাকচ কৰিছিল। দীপিকাই কয়, অৱশ্যে দুবছৰ পিছত মই ‘ওম শান্তি ওম’ত কাম কৰিছিল, তেতিয়া মোৰ ধাৰণা সলনি হৈছিল আৰু ছবিৰ বাবে সন্মতি প্ৰকাশ কৰিছিলো।

দীপিকাৰ আশা, এদিন নিশ্চয় ছলমান খানৰ সৈতে কাম কৰিব। দীপিকা আৰু ছলমানক এটা প্ৰজেক্টত চাবলৈ অনুৰাগীসকল আগ্ৰহী। অৱশ্যে এতিয়াও এয়া সম্ভৱ হৈ উঠা নাই।
Published by:Sanjay Kumar Das
First published: