உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Happy Birthday Deepika Padukone : দীপিকা পাডুকণে ৰণবীৰ সিঙৰ সৈতে বিয়াৰ ৪ বছৰ পূৰ্বেই গোপনে কৰিছিল এই কাম?

    Happy Birthday Deepika Padukone : দীপিকা পাডুকণে ৰণবীৰ সিঙৰ সৈতে বিয়াৰ ৪ বছৰ পূৰ্বেই গোপনে কৰিছিল এই কাম?

    দীপিকা পাডুকণক (Deepika Padukone) ২০১২ চনত সঞ্জয় লীলা ভাঞ্চালীৰ ‘গোলিয়ো কী ৰাসলীলা ৰাম–লীলা (Goliyon Ki Raasleela Ram-Leela)’ৰ নিৰ্মাণৰ সময়ত ৰণবীৰ সিঙৰ (Ranveer Singh) প্ৰেমত পৰিছিল।

    দীপিকা পাডুকণক (Deepika Padukone) ২০১২ চনত সঞ্জয় লীলা ভাঞ্চালীৰ ‘গোলিয়ো কী ৰাসলীলা ৰাম–লীলা (Goliyon Ki Raasleela Ram-Leela)’ৰ নিৰ্মাণৰ সময়ত ৰণবীৰ সিঙৰ (Ranveer Singh) প্ৰেমত পৰিছিল।

    দীপিকা পাডুকণক (Deepika Padukone) ২০১২ চনত সঞ্জয় লীলা ভাঞ্চালীৰ ‘গোলিয়ো কী ৰাসলীলা ৰাম–লীলা (Goliyon Ki Raasleela Ram-Leela)’ৰ নিৰ্মাণৰ সময়ত ৰণবীৰ সিঙৰ (Ranveer Singh) প্ৰেমত পৰিছিল।

    • Share this:


    আজি বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকণৰ (Deepika Padukone) জন্মদিন। ৫ জানুৱাৰী ১৯৮৬ত জন্মগ্ৰহণ কৰা দীপিকাৰ (Happy Birthday Deepika Padukone) ৩৬ বছৰ সম্পূৰ্ণ হ’ল। দীপিকা বলীউদৰ অতি জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী। দীপিকা আৰু ৰণবীৰ সিঙৰ প্ৰেম কাহিনী শুনিবলৈ অনুৰাগীয়ে খুবেই পছন্দ কৰে। কিন্তু আপুনি জানেনে যে দীপিকা আৰু ৰণবীৰ সিঙে বিয়াৰ ৪ বছৰ পূৰ্বেই গোপনে এংগেজমেণ্ট কৰিছিল।

    বিয়াৰ ৪ বছৰ পূৰ্বে কৰিছিল এংগেজমেণ্ট

    দীপিকা পাডুকণক (Deepika Padukone) ২০১২ চনত সঞ্জয় লীলা ভাঞ্চালীৰ ‘গোলিয়ো কী ৰাসলীলা ৰাম–লীলা (Goliyon Ki Raasleela Ram-Leela)’ৰ নিৰ্মাণৰ সময়ত ৰণবীৰ সিঙৰ (Ranveer Singh) প্ৰেমত পৰিছিল। ৬ বছৰৰ সম্পৰ্কত থকাৰ পিছত দুয়ো ২০১৮ চনত বিবাহপাশত আবদ্ধ হয়। কিন্তু এই কথাটো মানুহে নাজানিছিল যে তাৰ ৪ বছৰ পূৰ্বেই দুয়ো এংগেজমেণ্ট কৰিছিল।

    দীপিকাই যেতিয়া ভাবিছিল, আমি কেতিয়া বিয়া পাতিম?

    এই এংগেজমেণ্টৰ কথা খোদ দীপিকাই বহুদিন পিছত প্ৰকাশ কৰিছিল। ২০১৮ত ফিল্মফেয়াৰক দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁলোকে এই খবৰটো কেৱল পৰিয়ালৰ মাজতে সিমিত ৰাখিিল। দীপিকাই কয়, ‘যেতিয়া মই পিছলৈ চাওঁ, ছমাহ পূৰ্বে আমাৰ সম্পৰ্কত সম্পূৰ্ণৰূপে ইম’চনেলী ইনভেষ্টেড আছিল। তাৰ পিছত ভাবিছিলো যে আমি কেতিয়া বিয়া পাতিম? মই ৰণবীৰক লৈ কেতিয়া নিশ্চিত নাছিলো।

    ৬ বছৰৰ সম্পৰ্কত বহু উত্থান–পতন

    দীপিকাই কয় যে ‘হয়, ছয় বছৰৰ দীঘলীয়া সম্পৰ্কত বহু উত্থান–পতন আহিছিল, কিন্তু আমি কেতিয়াও ভাগি পৰা নাছিলো। কোনো ডাঙৰ বিবাদ হোৱা নাই। কেতিয়াও এনেকুৱাও হোৱা নাই যে অলপ জিৰণি লওঁ। আমি কাজিয়া কৰিছো, কিন্তু আমি সদায় এজনে আনজনৰ সৈতে আছো। আমি চাৰি বছৰ পূৰ্বে এংগেজমেণ্ট কৰিছিলো। কেৱল তেওঁৰ অভিভাৱক আৰু মোৰ অভিভাৱক আৰু আমাৰ পৰিয়ালৰ লোকসকলেহে এই কথা জানিছিল।

    Published by:Sanjay Kumar Das
    First published: