ব্যৱসায়ী আৰু অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰা(Raj Kundra)ক সোমবাৰে নিশা মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই Porn চলচ্চিত্ৰ নিৰ্মাণ আৰু কিছুমান এপৰ জৰিয়তে সম্প্ৰচাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে। ৰাজ কুন্দ্ৰাৰ সমস্যা বাঢ়ি আহিছে আৰু তেওঁ শিল্পা চেট্টীৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছে। মুম্বাই অপৰাধ শাখা(Crime Branch)ৰ দলটো ৰাজ কুন্দ্ৰাৰ সৈতে শিল্পা চেট্টীৰ ঘৰত উপস্থিত হৈছে। মুম্বাই(Mumbai) আৰক্ষীয়ে ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টীক মুখামুখিকৈ বহি জেৰা কৰাৰ সম্ভাৱনা আছে।
শুক্ৰবাৰে মুম্বাইৰ এখন আদালতে ৰাজৰ আৰক্ষীৰ জিম্মা ২৭ জুলাইলৈ বৃদ্ধি কৰে। তেওঁৰ সহকৰ্মী ৰিয়ান থৰ্পেও জিম্মাত থাকিব। ৰাজ কুন্দ্ৰাক বাইকুল্লা কাৰাগাৰৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল য'ত আদালতে আৰক্ষীৰ যুক্তি শুনি তেওঁৰ আৰক্ষীৰ জিম্মা আৰু ৫ দিনলৈ বৃদ্ধি কৰিছিল। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত পোহৰলৈ অহা এই গোচৰটোত এতিয়ালৈকে ৰাজ কুন্দ্ৰাকে ধৰি ১১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : July 23, 2021, 16:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।