• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Dadasaheb Phalke Award: বিশিষ্ট অভিনেত্ৰী আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা ঘোষণা

Dadasaheb Phalke Award: বিশিষ্ট অভিনেত্ৰী আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা ঘোষণা

বিশিষ্ট অভিনেত্ৰী আশা পাৰেখক এইবৰ্ষৰ দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব।

বিশিষ্ট অভিনেত্ৰী আশা পাৰেখক এইবৰ্ষৰ দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব।

অনুৰাগ ঠাকুৰে বলীউডৰ কিংবদন্তি অভিনেত্ৰীগৰাকী এই সন্মানৰ বাবে নিৰ্বাচিত হোৱাত গৌৰৱবোধ কৰে। লগতে কয় যে অহা ৩০ ছেপ্টেম্বৰত দিল্লীত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

  • Share this:
বিশিষ্ট অভিনেত্ৰী আশা পাৰেখক এইবৰ্ষৰ দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব। এই কথা ঘোষণা কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আশা পাৰেখক এই বঁটাৰে সন্মানিত কৰা হ’ব। মাত্ৰ ১০ বছৰ বয়সতে আশা পাৰিখে ছবিত কাম কৰিবলৈ আৰম্ভ কৰিছিল। আশা পাৰিখে ৯৫ খনতকৈও অধিক ছবিত কাম কৰিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৫২ সংখ্যক দাদাচাহেব ফালকে বঁটা ঘোষণা কৰাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আশা পাৰেখক এই সন্মান প্ৰদান কৰা হ’ব বুলিও অৱগত কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব এই সন্মান। ঠাকুৰে বলীউডৰ কিংবদন্তি অভিনেত্ৰীগৰাকী এই সন্মানৰ বাবে নিৰ্বাচিত হোৱাত গৌৰৱবোধ কৰে। লগতে কয় যে অহা ৩০ ছেপ্টেম্বৰত দিল্লীত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হ’ব।


শিশু শিল্পী হিচাপে অভিনয় কেৰিয়াৰ আৰম্ভ কৰা পাৰিখে ‘দিল দেকে দেখো’, ‘তীশৰী মনজিল’, ‘কাতি পাতং’, ‘লভ ইন টকিঅ’, ‘আয়া সাৱন ঝুম কে’, ‘আন মিলো সজনা’ আদি বহু ছুপাৰহিট ছবিত অভিনয় কৰে। বিগত কেইবাটাও দশক ধৰি হিন্দী চলচ্চিত্ৰ জগতত এজন শিল্পী, পৰিচালক আৰু প্ৰযোজক হিচাপে সক্ৰিয় হৈ আছে। মূখ্য অভিনেত্ৰী হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল ‘দিল দেকে দেখো’।

পদ্মশ্ৰীৰে সন্মানিত হৈছে
মনোৰঞ্জনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ আৰু বহুতো বঁটা লাভ কৰিছে। ১৯৯২ চনত ভাৰত চৰকাৰেও তেওঁক সন্মানীয় পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। আশা পাৰিখ ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে চেন্সৰ ব’ৰ্ডৰ অধ্যক্ষও আছিল। পাঁচজনীয়া জুৰীয়ে এই সন্মানৰ বাবে নিৰ্বাচিত কৰিছিল আশা পাৰেখক। ইয়াৰ ভিতৰত আছিল আশা ভোছলে, হেমা মালিনী, পুনম ধিল্লন, টি এছ নাগভৰ্ণ আৰু উদিত নাৰায়ণ।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি