বিবাহপাশত আবদ্ধ হ’ল অংকিতা লোখাণ্ডে (Ankita Lokhande) আৰু বিকি জৈন (Vicky Jain)। তিনি বছৰীয়া সম্পৰ্কৰ পিছত এই সম্পৰ্কৰ নাম দিলে অংকিতা–বিকিয়ে। অংকিতা আৰু বিকিয়ে ১২ ডিচেম্বৰৰ পৰা প্ৰি–ৱেডিং চেলিব্ৰেচন আৰম্ভ কৰিছিল আৰু শেষত এক ভৱ্য সমাৰোহত বিবাহপাশত আবদ্ধ হয়। নৱ দম্পতীৰ কিছু ভিডিঅ’ (Ankita Lokhande Videos) ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত দুটা ভিডিঅ’ত অংকিতাই বিয়াৰ সৈতে সম্পৰ্কিত বচন লৈ আছে। কিন্তু নিজৰ চৰ্তৰ সৈতে।
অংকিতাৰ বিয়াৰ ভিডিঅ’ তেওঁৰ ফেন পেজৰ পৰা শ্বেয়াৰ হৈছে। এটা ভিডিঅ’ত পুৰোহিতে অংকিতাক স্বামীক বচন দিবলৈ কৈছে। যেতিয়া পুৰোহিতে স্বামীৰ আজ্ঞা পালন কৰাৰ বচন দিবলৈ কয়, তেতিয়া অংকিতাই কয় যে যদি আজ্ঞা সঠিক হয় তেন্তে সেয়া নিশ্চয় পালন কৰিব। পুনৰ পণ্ডিতে অংকিতাক কেতিয়াও খঙত অন্তৰত দুখ দিয়া কথা নক’বলৈ কয়। এই কথাত অৱশ্যে কোনো চৰ্ত অবিহনে সন্মতি প্ৰকাশ কৰে।
আন এটা ভিডিঅ’ত অংকিতা আৰু বিকিক অতিথিৰ সন্মুখত একেলেগে ৭ বচন লোৱা দেখা গৈছে। উল্লেখযোগ্য যে এই যুটীয়ে ১৪ ডিচেম্বৰত পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত বিবাহপাশত আবদ্ধ হয়।
মুম্বাইৰ এখন বিলাসী হোটেলত সম্পন্ন হয় অংকিতা–বিকিৰ বিয়া। বিয়াৰ ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নৱ দম্পতীয়ে বিয়াৰ পিছত নিশালৈ এক ৰিচেপচন পাৰ্টীও ৰাখিছিল, য’ত টিভি আৰু ছবি জগতৰ বহু তাৰকা উপস্থিত আছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 15, 2021, 18:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|