বলীউদৰ মহানায়ক অমিতাভ বচ্চন ছচিয়েল নেটৱৰ্কিং ছাইট ইনষ্টাগ্ৰামত অত্যন্ত এক্টিভ। বিভিন্ন সময়ত, বিভিন্ন পোষ্ট শ্বেয়াৰ কৰে মেগাষ্টাৰগৰাকীয়ে। মাজে মাজে পুৰণি দিনৰ স্মৃতিও শ্বেয়াৰ কৰে বচ্চনে। মঙলবাৰে মেগাষ্টাৰগৰাকীয়ে ১৯৭৯ চনৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰে। যিখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
দৰাচলতে ফটোখন ১৯৭৯ চনৰ ছবি 'মিষ্টাৰ নটৱৰলাল'ৰ সময়ৰ। যিখন ছবিত প্ৰথমবাৰলৈ গীতো গাইছিল অতিমাভ বচ্চনে। তেওঁ সেই পোষ্টটোত লিখিছে যে, 'প্ৰথমটো গীত মই ফিল্মৰ বাবে গাইছিলো। মিষ্টাৰ নটৱৰলালৰ বাবে, মেৰে পাছ আও... 'সংগীত পৰিচালক ৰাজেশ ৰৌশনৰ সৈতে সংগীতৰ আখৰা চলি থকাৰ সময়ত এখন বেঞ্চত বহি আছিল এটি কণমানি শিশু। আৰু সেই শিশুটিয়েই হল হৃত্বিক ৰৌশন।
এই ফটোখনত হৃত্বিক ৰৌশনক চিনি পোৱাটো কিছু টান। কাৰণ সেইসময়ত তেওঁ একেবাৰে সৰু আছিল। অমিতাভ বচ্চনে শ্বেয়াৰ কৰা ফটোখন অত্যন্ত ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 20, 2021, 14:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।