• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Kajol Birthday : আজি বলীউদৰ অভিনেত্ৰী কাজলৰ জন্মদিন, নিশা ১২ বজাত অজয় দেৱগণে আমোদজনকভাৱে দিলে শুভেচ্ছা

Kajol Birthday : আজি বলীউদৰ অভিনেত্ৰী কাজলৰ জন্মদিন, নিশা ১২ বজাত অজয় দেৱগণে আমোদজনকভাৱে দিলে শুভেচ্ছা

অজয় দেৱগণে ভিডিঅ’ৰ কেপচনত লিখিছে – ‘যেতিয়া তাই কল কৰে, কেতিয়াও নুঠুৱাকৈ নাথাকো’।

অজয় দেৱগণে ভিডিঅ’ৰ কেপচনত লিখিছে – ‘যেতিয়া তাই কল কৰে, কেতিয়াও নুঠুৱাকৈ নাথাকো’।

অজয় দেৱগণে ভিডিঅ’ৰ কেপচনত লিখিছে – ‘যেতিয়া তাই কল কৰে, কেতিয়াও নুঠুৱাকৈ নাথাকো’।

  • Share this:
আজি বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী কাজলৰ ওপজা দিন। পত্নীৰ জন্মদিনটো আৰু অধিক সুন্দৰ কৰি তুলিলে স্বামী অজয় দেৱগণে। সকলোৱে জানে যে কাজল খুব ফূৰ্তিবাজ হোৱাৰ বিপৰীতে অজয় দেৱগণ একেবাৰে গহীন–গম্ভীৰ। কিন্তু বলীউদৰ সফল যুটী হিচাপে পৰিচিত কাজল আৰু অজয়ে দুয়ো দুয়োকে খুব মৰম কৰে। দুয়ো দুয়োকে খুব সন্মান কৰে, সেইবাবেই হয়তো আজিলৈ কোনো ধৰণৰ বিতৰ্কৰ সন্মুখীন হোৱা নাই তেওঁলোক। কাজলৰ জন্মদিনটো অধিক আকৰ্ষণীয় তুলিবলৈ কোনো ত্ৰুটি ৰাখিব নিবিচাৰে আৰু ইয়াৰ আৰম্ভণি নিশা ১২টাতে কৰিলে অভিনেতাজনে।

অজয় দেৱগণে নিশা ১২ বজাত ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’ কাজলৰ ফটোৰ কলাজেৰে বনোৱা হৈছে। কাজলৰ ফোন অহা দেখা গৈছে। এই ভিডিঅ’ শ্বেয়াৰ কৰি অজয়ে কাজলৰ লগতে অনুৰাগীৰো হৃদয় জিনিছে।








View this post on Instagram






A post shared by Ajay Devgn (@ajaydevgn)






অজয় দেৱগণে ভিডিঅ’ৰ কেপচনত লিখিছে – ‘যেতিয়া তাই কল কৰে, কেতিয়াও নুঠুৱাকৈ নাথাকো’। হেপ্পী বাৰ্থডে ডিয়াৰেষ্ট কাজল।’ শান্ত স্বভাৱৰ অজয় দেৱগণৰ এনেধৰণৰ আমোদজনক জন্মদিনৰ শুভেচ্ছাত অনুৰাগীসকলো আনন্দিত আৰু সকলোৱে কাজলক জন্মদিনৰ শুভেচ্ছা জনাইছে।
Published by:Sanjay Kumar Das
First published: