• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Kareena Kapoor Khan: দুই সন্তানক লৈ বিৰক্ত কৰীণা কাপুৰ খান! কাৰণ জানিলে চক খাব আপুনি

Kareena Kapoor Khan: দুই সন্তানক লৈ বিৰক্ত কৰীণা কাপুৰ খান! কাৰণ জানিলে চক খাব আপুনি

দুই পুত্ৰক লৈ প্ৰায়ে ব্যস্ত থকা কৰীণাক শেহতীয়াকৈ এটা সমস্যাৰ মাজত পৰা দেখা গৈছে।

দুই পুত্ৰক লৈ প্ৰায়ে ব্যস্ত থকা কৰীণাক শেহতীয়াকৈ এটা সমস্যাৰ মাজত পৰা দেখা গৈছে।

দুই পুত্ৰক লৈ প্ৰায়ে ব্যস্ত থকা কৰীণাক শেহতীয়াকৈ এটা সমস্যাৰ মাজত পৰা দেখা গৈছে।

  • Share this:

বলীউডৰ বিখ্যাত যুটি ছইফ আলী খান আৰু কৰীণা কাপুৰ খান, যি সদায় বাতৰিৰ শিৰোনামত থাকে। তেওঁলোকৰ দুই সন্তানো লাইমলাইটত থকা দেখা যায়। দুই পুত্ৰক লৈ প্ৰায়ে ব্যস্ত থকা কৰীণাক শেহতীয়াকৈ এটা সমস্যাৰ মাজত পৰা দেখা গৈছে। দুয়োটা পুত্ৰক ডাঙৰ-দীঘল কৰাত অতি ব্যস্ত কৰীণা মাতৃসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস।


এয়া হ'লেও কৰীণাৰ ডাঙৰ অভিযোগটো হ'ল যে তেওঁৰ সন্তানে খোৱাত অলপ বেছি খং দেখুৱায় আৰু কৰীণা কাপুৰ খানে এই সমস্যাক লৈ যুঁজি থকা দেখা গৈছে। এটা সাক্ষাৎকাৰত কৰীণা কাপুৰে প্ৰকাশ কৰিছে যে তেওঁৰ দুই পুত্ৰৰ কোনে কোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে। দৰাচলতে, সাক্ষাৎকাৰটোত কৰীণা কাপুৰ খানে (Kareena Kapoor Khan) তেওঁৰ দুয়ো পুত্ৰৰ বিষয়ে কয় আৰু কয় যে জাহাংগীৰে এতিয়া টান আহাৰ খোৱা আৰম্ভ কৰিছে আৰু যেতিয়াই তেওঁ খায় আহাৰ পেলোৱাৰ পৰিমাণ বেছি।


কৰীণাৰ মতে জেহে খোৱাৰ ক্ষেত্ৰত অলপ বেছি চালাকি কৰে। আনহাতে জ্যেষ্ঠ পুত্ৰ টাইমুৰ আলী খান (Taimur Ali Khan)ৰ অভ্যাসৰ বিষয়ে কয় যে তেওঁ কেতিয়াও এটা ঠাইত বহি নাথাকে। এঠাইৰ পৰা আন ঠাইলৈ জঁপিয়াই ফুৰাটোৱে টাইমুৰৰ কাম। ১ মিনিটৰ বাবেও বহি নাথাকে।


কৰীণা কাপুৰ খানে তেওঁৰ স্বামী ছইফ আলী খান ( Saif Ali Khan) ৰ এটা অভ্যাসৰ বিষয়েও প্ৰকাশ কৰে। ছইফ আলী খানে বিচাৰে যে টাইমুৰ আলী খানে তেওঁৰ সৈতে সময় কটোৱাৰ সুযোগ পাবলৈ নিশা কিছু দেৰিকৈ বিছনালৈ যোৱাটো, আনহাতে কৰীণাৰ মতে, টাইমুৰ আলী খান ৰাতিপুৱা স্কুলৰ বাবে সোনকালে টোপনি যোৱাটো জৰুৰী। এইদৰে চলিছে বলীউড (Bollywood)ৰ বিখ্যাত যুটিৰ সংসাৰ।


 Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: