বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট অসমত। আজি দক্ষিণ কামৰূপৰ চান্দডুবি বিলৰ সৌন্দৰ্য উপভোগ কৰে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী। ইয়াৰ পিছতে তেওঁ গমন কৰে কাজিৰঙালৈ। কাজিৰঙাত কালি দিনটো ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে অভিনেত্ৰীগৰাকীয়ে।
উল্লেখ্য, আজিকালি কংগনা ৰাণাৱট অতি ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি 'ইমাৰ্জেন্সি'ৰ বাবে। এই ছবিখন যথেষ্ট জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে, কিয়নো মুক্তিৰ পূৰ্বে ছবিখন খুব চৰ্চাৰ মাজত আছে। কংগনাই নিজৰ ছবিখনৰ প্ৰস্তুতিৰ বাবে সেয়ে ব্যস্ত হৈ আছে।
চিনেমাখনত ইন্দিৰা গান্ধীৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া কংগনাই ছবিখনৰ বাবে লোকেচনৰো সন্ধান কৰি আছে। এনে কাৰণতে তেওঁ চান্দডুবিলৈ আহি মন পছন্দৰ লোকেচনৰ সন্ধান কৰে। কাইলৈ কাজিৰঙাতো এনে কাৰণতে অভিনেত্ৰীগৰাকীয়ে ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|