শ্বাহৰুখ খান ২ নৱেম্বৰত ৫৬ বছৰীয়া হৈছিল। বহুতো অনুগামীয়ে প্ৰিয় তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ মন্নটৰ সন্মুখত ভিৰ কৰিছিল। কিন্তু খানক দেখা পোৱা নাছিল। কাৰণ তেওঁ মন্নট এৰি সেই সময়ত আলিবাগৰ ভিলাত আছিল। কেৱল সাধাৰণ মানুহেই নহয়, কেইবাজনো তাৰকাই ইনষ্টাগ্ৰাম আৰু টুইটাৰত কিং খানক শুভেচ্ছা জনাইছিল জন্মদিনৰ। তালিকাখনত আলিয়া ভাট, মালাইকা অৰোৰা, আয়ুষ্মান খুৰানা, ছলমান খান আদি অন্তৰ্ভুক্ত আছে।
কিন্তু শ্বাহৰুখৰ দীৰ্ঘদিনীয়া চলচ্চিত্ৰৰ পৰ্দাৰ প্ৰেমিকা কাজল সেই তালিকাত নাই। কিয় নাই কাজল– অনুৰাগীসকলে তোলা সেই প্ৰশ্নটোৰ উত্তৰ অলপ দেৰিকৈ দিয়ে কাজলে।
কাজলে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীসকলৰ প্ৰশ্নৰ উত্তৰ দি থকা দেখা গৈছে। এজন অনুৰাগীয়ে কাজলক সুধিছিল, 'আপুনি শ্বাহৰুখক তেওঁৰ জন্মদিনৰ শুভেচ্ছা কিয় নিদিলে?' প্ৰশ্নটো এৰাই নগৈ কাজলে শ্বাহৰুখৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি কয়, 'মই শ্বাহৰুখলৈ পৃথকে কি শুভকামনা প্ৰেৰণ কৰা উচিত? শ্বাহৰুখৰ ইচ্ছাবোৰ তেওঁৰ পুত্ৰ (আৰিয়ান খান) ঘৰলৈ উভতি অহাৰ দিনা পূৰণ হৈছে।''
অৱশ্য কথাটো মিছাও নহয়। শ্বাহৰুখৰ পুত্ৰ ২ অক্টোবৰৰ নিশাৰ পৰা ঘৰৰ বাহিৰত আছিল। ড্ৰাগছৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। শ্বাহৰুখে বহু কষ্টৰ বিনিময়ত পুত্ৰক জামিনত ঘৰলৈ ঘূৰাই আনে। এয়া তেওঁৰ বাবে এক চৰম আনন্দৰ কথাই আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|