অভিনেত্ৰী হংসিকা মটৱানীয়ে বৈবাহিক জীৱনত ভৰি দিবলৈ সাজু হৈছে। প্ৰাপ্য তথ্য অনুসৰি, অভিনেত্ৰীগৰাকীয়ে এই বছৰৰ শেষৰ ফালে জয়পুৰৰ বিখ্যাত ফৰ্টত বিবাহপাশত আৱদ্ধ হ'ব। তেওঁ বৰ্তমান নিজৰ বিয়াৰ প্ৰস্তুতিক ব্যস্ত হৈ আছে। জানিব পৰা মতে, অভিনেত্ৰীগৰাকীৰ বিয়াখন অতি ৰাজকীয় শৈলীত হ'ব আৰু তেওঁৰ বিবাহৰ স্থানটো হৈছে ৪৫০ বছৰ পুৰণি প্ৰাসাদ।
ইণ্ডিয়া টিভিয়ে ইয়াৰ এক প্ৰতিবেদনত হংসিকা মটৱানীৰ বিবাহৰ কথা নিশ্চিত কৰিছে। অভিনেত্ৰীগৰাকীৰ বিবাহ অনুষ্ঠান আৰু স্থানৰ বিষয়েও বাতৰিটোত তথ্য দিয়া হৈছে। তেওঁৰ বিয়া জয়পুৰৰ 'মুণ্ডোতা ফৰ্ট এণ্ড পেলেচ'ত অনুষ্ঠিত হ'ব। সূত্ৰটোক উদ্ধৃত দি কোৱা হৈছে যে কোঠাবোৰ প্ৰস্তুত কৰা হৈছে আৰু ডিচেম্বৰত হংসিকাৰ বিয়াৰ আয়োজনৰ বাবে প্ৰাসাদত কাম চলি আছে।
প্ৰতিবেদনটোত আৰু কোৱা হৈছে যে সাংস্কৃতিকভাৱে সমৃদ্ধ চহৰখনত অতিথিৰ আগমনৰ আগতে প্ৰস্তুতি কৰা হ'ব। তাৎপৰ্যপূৰ্ণভাৱে, প্ৰতিবেদনত অভিনেত্ৰীগৰাকীৰ বিবাহৰ তাৰিখৰ বিষয়ে কোনো তথ্য দিয়া হোৱা নাই। ইফালে, অভিনেত্ৰীগৰাকীয়েও এতিয়াও তেওঁৰ বিবাহৰ বাতৰিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
হংসিকাই বহুতো টিভি অনুষ্ঠানতো কাম কৰিছিল–হংসিকাই 'শাকা লাকা বুম বুম', 'ক্যু কি চাছ ভি কভি বহু থি' আৰু 'চন পৰী'ৰ দৰে টিভি ধাৰাবাহিকৰ দ্বাৰা শিশু শিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ হৃত্বিক ৰোছন অভিনীত 'ক'ই মিল গয়া'ত এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছিল। হংসিকা মটৱানী 'ক'ই মিল গয়া' বোলছবিখনৰ সৈতে বহুত জনপ্ৰিয় হৈ পৰিছিল।
হংসিকা মটৱানীয়ে বহুতো চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। হংসিকাই হিন্দী চলচ্চিত্ৰ উদ্যোগত কেইটামান প্ৰজেক্টত কাম কৰাৰ লগতে তেলেগু আৰু তামিল উদ্যোগতো কাম কৰিছে। তেওঁ দক্ষিণৰ বহুতো চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে, যাৰ ভিতৰত আছে 'এংগিয়াম কাধল', 'ভেলায়ুধাম', 'অৰু কাল অৰু কান্নাদি', 'থিয়া ভেলাই চিয়ানাম কুমাৰু' আৰু 'চিঙ্গম ২'।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|