মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »দীপিকাই ৰণবীৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে এই ৬ জন পুৰুষৰ সৈতে কৰিছিল ডেটিং, জানক অভিনেত্ৰীগৰাকীৰ লাভ লাইফ

দীপিকাই ৰণবীৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে এই ৬ জন পুৰুষৰ সৈতে কৰিছিল ডেটিং, জানক অভিনেত্ৰীগৰাকীৰ লাভ লাইফ

ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দীপিকা পাডুকনৰ নাম বহু বিখ্যাত চেলিব্ৰিটিৰ সৈতে জড়িত আছিল।

ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দীপিকা পাডুকনৰ নাম বহু বিখ্যাত চেলিব্ৰিটিৰ সৈতে জড়িত আছিল।

ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দীপিকা পাডুকনৰ নাম বহু বিখ্যাত চেলিব্ৰিটিৰ সৈতে জড়িত আছিল। এই নামবোৰত অভিনেতাৰ পৰা আৰম্ভ কৰি ক্ৰীড়াবিদ, মডেললৈকে বহুতো নাম অন্তৰ্ভুক্ত আছিল।

  • Share this:
দীপিকা আৰু ৰণবীৰ সিং বলিউডৰ আটাইতকৈ জনপ্ৰিয় ‘প্ৰেমিক যুগল’। কিন্তু ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে দীপিকা পাডুকনৰ নাম বহু বিখ্যাত চেলিব্ৰিটিৰ সৈতে জড়িত আছিল। এই নামবোৰত অভিনেতাৰ পৰা আৰম্ভ কৰি ক্ৰীড়াবিদ, মডেললৈকে বহুতো নাম অন্তৰ্ভুক্ত আছিল। গতিকে চাওঁ আহক, ৰণবীৰ সিঙৰ সৈতে বিয়া কৰোৱাৰ আগতে কোনবোৰ চেলিব্ৰিটিৰ সৈতে দীপিকাৰ লিংক আপৰ বাতৰি ভাইৰেল হৈছিল।

নিহাৰ পাণ্ডিয়া

কোৱা হয় যে দীপিকাই বলীউডত ডাঙৰ ব্ৰেক পোৱাৰ আগতে নিহাৰৰ লগত ডেটিং কৰিছিল। ২০০৫ চনত অভিনয় বিদ্যালয়ত দুয়োৰে লগ হৈছিল। দুয়োজনে তিনি বছৰ ধৰি লিভ ইন ৰিলেচনত সময় কটায়। কেইবছৰমান আগতে নিহাৰে গায়িকা নীতি মোহনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।


উপেন পেটেল
উপেন পেটেলৰ সৈতেও দীপিকা পাডুকনৰ নাম জড়িত হৈ আছিল। অৱশ্যে দুয়োৰে কোনোৱেই এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাছিল।


মুজামিল ইব্ৰাহিম
সংবাদ মাধ্যমৰ বাতৰিত মুজামিল ইব্ৰাহিম আৰু দীপিকা পাডুকনক দম্পতী বুলিও আখ্যা দিয়া হৈছিল। কিন্তু এই দুয়োৰে সম্পৰ্কও বেছি দিন টিকি থাকিব নোৱাৰিলে। কিছুদিন ইজনে সিজনৰ লগত ডেটিং কৰাৰ পিছত দুয়োজনে ‘মুভ অন’ কৰিলে।


যুৱৰাজ সিং
ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ সৈতে ৰাজহুৱা অনুষ্ঠানত দেখা পোৱাৰ পিছত তেওঁলোকৰ প্ৰেমৰ খবৰে এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। বহু ৰাজহুৱা স্থানত দুয়োকে একেলগে দেখা গৈছিল। অৱশ্যে এই সম্পৰ্কক লৈ দুয়োপক্ষৰ পৰা কোৱা হৈছিল যে দুয়োজনেই ইজনে সিজনৰ ভাল বন্ধু।


সিদ্ধাৰ্থ মালিয়া
বিজয় মালিয়াৰ পুত্ৰ সিদ্ধাৰ্থ মালিয়াৰ পুত্ৰ আৰু দীপিকা পাডুকনৰ প্ৰেমৰ খবৰ ইণ্টাৰনেটত বিয়পি পৰিছিল। বহুবাৰ দীপিকাক সিদ্ধাৰ্থৰ সৈতে আই পি এলত দেখা গৈছিল। সিদ্ধাৰ্থই দীপিকাৰ জন্মদিনটো ধুমধামেৰে উদযাপন কৰিছিল।


ৰণবীৰ কাপুৰ
ৰণবীৰ কাপুৰ আৰু দীপিকা পাডুকনে দীৰ্ঘদিন ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। দীপিকাইও ৰণবীৰৰ নাম টেটু কৰিছিল। যদিও আজি দুয়োজনেই নিজৰ সংগীৰ লগত সুখী।

শেহতীয়া বাতৰি