মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Vivek Oberoi in Kamakhya Mandir : অসমত বলীউডৰ অভিনেতা বিবেক অবেৰয়, কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীক জনালে এটি বিশেষ অনুৰোধ

Vivek Oberoi in Kamakhya Mandir : অসমত বলীউডৰ অভিনেতা বিবেক অবেৰয়, কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীক জনালে এটি বিশেষ অনুৰোধ

আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোত্‍সৱ উপলক্ষে অসমলৈ আহিছে বলীউডৰ অভিনেতাগৰাকী

আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোত্‍সৱ উপলক্ষে অসমলৈ আহিছে বলীউডৰ অভিনেতাগৰাকী

আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোত্‍সৱ উপলক্ষে অসমলৈ আহিছে বলীউডৰ অভিনেতাগৰাকী

  • Share this:

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোত্‍সৱ উপলক্ষে অসমলৈ অহা বলীউডৰ অভিনেতা বিবেক অবেৰয়ে (Vivek Oberoi)দৰ্শন কৰিলে কামাখ্যা মন্দিৰ।


মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই দেৱী মাৰ আশীৰ্বাদ লয় অভিনেতাগৰাকীয়ে। সাংবাদিকৰ সৈতে হোৱা মত বিনময়ত অভিনেতাগৰাকীয়ে অসমত বিশেষকৈ গুৱাহাটীত থকা প্ৰাচীন মঠ-মন্দিৰৰ বাবে সৌভাগ্যৱান বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বহু ঐতিহাসিক মঠ-মন্দিৰ থকা অসমবাসী অতি ভাগ্যৱান আৰু এই স্থানসমূহ বিশ্ববাসীৰ বাবে সুন্দৰকৈ সংৰক্ষণ কৰা উচিত (Vivek Oberoi Visited Assam)


অভিনেতাগৰাকীক নতুন পৰিকল্পনাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ ৰোহিত চেট্টিৰ এক্সন ছিৰিজ ''ইণ্ডিয়ান পুলিচ ফ'ৰ্চ''ত অভিনয় কৰাৰ কথা উল্লেখ কৰি এইবৰ্ষতে মুক্তি পাব বুলি জনায়। ছবি শ্বুটিঙৰ বাবে অভিনেতাগৰাকীয়ে অসম সুন্দৰ ঠাই বুলি উল্লেখ কৰি তেওঁ কয় যে অসম অতি সুন্দৰ ঠাই আৰু চিনেমা বা সংগীতৰ ক্ষেত্ৰখনো ৰাজ্যখনত লাহে লাহে বিকশিত হৈ উঠিছে (Vivek Oberoi visited Kamakhya Temple)


উল্লেখ্য, বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় মহোত্‍সৱ (Bodoland International Knowledge Festival) বিগত ২৬ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু অভিনেতাগৰাকীয়ে অনুষ্ঠানত আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থকাৰ বাবে ৰাজ্যখনলৈ আহিছিল।

শেহতীয়া বাতৰি