অসমত ক্ৰাইম মাষ্টাৰ গ’গ’। প্ৰথমবাৰৰ বাবে অসম অহা শক্তি কাপুৰে কাৰ্বি আংলং প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত নিজ অভিনীত কিছু প্ৰখ্যাত চৰিত্ৰৰ ডাইল’গ কোৱাৰ লগতে অসমলৈ অহাৰ অভিজ্ঞতাৰ বিষয়েও ব্যক্ত কৰে। তেওঁ কাৰ্বি আংলঙৰ ৭১তম প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে কয় যে, মুম্বাইলৈ উভতি যোৱাৰ পিছত নিজ বন্ধু, সহকৰ্মীসকলক কাৰ্বি আংলঙত ছবি নিৰ্মাণ কৰাৰ কথা ক’ব। কাৰ্বি আংলঙৰ প্ৰসংশা কৰি তেওঁ কয় যে ইয়াত বিভিন্ন লোকেচন আছে, ইয়াৰ মানুহবোৰ বহুত ভাল। লগতে তেওঁ মুখ্যমন্ত্ৰীৰো প্ৰসংশা কৰে। ইয়াৰোপৰি তেওঁ কয়, ‘‘মই যেতিয়া কাইলৈ সন্ধিয়া ঘৰ গৈ পাম, মোৰ কন্যা শ্ৰদ্ধা কাপুৰক কম যে তুমি য’তেই যোৱা কিন্তু কাৰ্বি আংলঙলৈ যাবাই।’’ তেওঁ কন্যা তথা বলীউদৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰক কাৰ্বি আংলঙলৈ আহিবলৈ ক’ব বুলিও উল্লেখ কৰে। লগতে কয়, ‘‘এইটো মাত্ৰ আৰম্ভণি আৰু আগন্তুক সময়ত ইয়ালৈ বলীউদৰ বহু লোক আহিব।’’ তেওঁ কাৰ্বি আংলঙত এখন খেলপথাৰ বনোৱাৰ কথা আৰু টি–২০ খেল আয়োজন কৰাৰ কথা উল্লেখ কৰে।
ইয়াৰোপৰি তেওঁ গুৱাহাটীৰ পৰা কাৰ্বি আংলঙলৈ যাওতে ৰাস্তা বেয়া হোৱাৰ কথা কৌতুক আকাৰে উল্লেখ কৰি মুম্বাইৰ পৰা তালৈ এটা এয়াৰপোৰ্ট (বিমান বন্দৰ) বনোৱাৰ বাবে আগ্ৰহ কৰে।
মন কৰিবলগীয়া যে, কাৰ্বি আংলং প্ৰতিষ্ঠা দিৱস উপলক্ষে বিগত ১৬ আৰু ১৭ তাৰিখে আয়োজিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানত বলীউদৰ অভিনেতা শক্তি কাপুৰ, বলীউডৰ গায়িকা সুনীধি চৌহান আৰু গায়ক ৰিটো ৰিবাক নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকে উক্ত অনুষ্ঠানত উপস্থিত হৈ নিজ নিজ অনুষ্ঠান প্ৰদৰ্শন কৰে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|