চলচ্চিত্ৰ পৰিচালক সতীশ কৌশিকৰ মৃত্যুৰ কাৰণ প্ৰকাশ পাইছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃত্যুৰ কাৰণ হাৰ্ট এটাক বুলি কোৱা হৈছে। তেওঁৰ তেজৰ নমুনাত এলকহলৰ কোনো প্ৰমাণ পোৱা হোৱা নাই। শৰীৰত কোনো সন্দেহজনক চিহ্ন পোৱা নাই।
'জানে ভি দো য়াৰো' আৰু 'মিষ্টাৰ' বোলছবিৰে তেওঁৰ হাস্যমধুৰ চৰিত্ৰৰ বাবে জনাজাত প্ৰবীণ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকৰ বৃহস্পতিবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৬৬ বছৰ। কৌশিক দিল্লীৰ এজন বন্ধুৰ ঘৰত আছিল যেতিয়া তেওঁ অসুস্থ হৈছিস, তেওঁৰ ঘনিষ্ঠ বন্ধু আৰু অভিনেতা অনুপম খেৰে কয়। ৰাতি প্ৰায় ১ বজাত, তেওঁ (চিকিৎসালয়লৈ) যাওঁতে হৃদৰোগত আক্ৰান্ত হয়।
Published by: Kokil Sarma
FIRST PUBLISHED : March 09, 2023, 14:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।