• Home
  • »
  • News
  • »
  • entertainment
  • »
  • অসমলৈ আহিব বলীউদৰ মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খান, কেতিয়া আহিব ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অসমলৈ আহিব বলীউদৰ মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খান, কেতিয়া আহিব ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কেৱল আমিৰ খানেই নহয়, অসমলৈ আহিব ‘লাল সিং চাড্ডা’ৰ সমগ্ৰ টীম। কিন্তু কিহৰ বাবে অসমলৈ আহিবলৈ মন মেলিছে আমিৰ খান এণ্ড টীমে?

কেৱল আমিৰ খানেই নহয়, অসমলৈ আহিব ‘লাল সিং চাড্ডা’ৰ সমগ্ৰ টীম। কিন্তু কিহৰ বাবে অসমলৈ আহিবলৈ মন মেলিছে আমিৰ খান এণ্ড টীমে?

কেৱল আমিৰ খানেই নহয়, অসমলৈ আহিব ‘লাল সিং চাড্ডা’ৰ সমগ্ৰ টীম। কিন্তু কিহৰ বাবে অসমলৈ আহিবলৈ মন মেলিছে আমিৰ খান এণ্ড টীমে?

  • Share this:
অসমলৈ আহিব বলীউদৰ মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খান। নতুন চিনেমা ‘লাল সিং চাড্ডা’ৰ মুক্তিৰ পিছতে অসমলৈ আহিব বলীউদৰ জনপ্ৰিয় অভিনেতাজন। কেৱল আমিৰ খানেই নহয়, অসমলৈ আহিব ‘লাল সিং চাড্ডা’ৰ সমগ্ৰ টীম। কিন্তু কিহৰ বাবে অসমলৈ আহিবলৈ মন মেলিছে আমিৰ খান এণ্ড টীমে?

বৃহস্পতিবাৰে ছবিগৃহত মুক্তিলাভ কৰিছে আমিৰ খান অভিনীত ছবি ‘লাল সিং চাড্ডা’। প্ৰথমটো দিনত মাত্ৰ ১১.৫০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয় ছবিখনে। ১৩ বছৰৰ ভিতৰত আমিৰ খানৰ ছবিৰ এটা দিনত এয়া সৰ্বনিম্ন আয়। ছচিয়েল মিডিয়াত ছবিখন বয়কট কৰাৰো ট্ৰেণ্ড চলিছে। ইয়াৰ মাজতে অসমলৈ আহিবলৈ মন মেলিছে আমিৰ খান এণ্ড টীম। স্বাভাৱিকতে ধাৰণা কৰা হৈছে, ছবিখনৰ প্ৰচাৰৰ বাবে আহিব নেকি আমিৰ খান?

কিন্তু আমিৰ খান কেতিয়া আহিব অসমলৈ? সেয়া এতিয়াও অনিশ্চয়তাত। কিয়নো শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে ক’লে – ‘স্বাধীনতা দিৱসৰ পিছতহে অসমলৈ আহিব আমিৰ খান। তেওঁ মোৰ লগত কথাও পাতিছিল। কিন্তু স্বাধীনতা দিৱসৰ ফ’কাচটো যাতে বেলেগ হৈ নাযায়, সেইবাবে মই তেওঁক কৈছো যে আপুনি স্বাধীনতা দিৱসৰ পিছত আহক। মই মাতিলেই তেওঁ আহিব।’ জানিব পৰা মতে, ১৫ আগষ্টৰ বিয়লি অসম পাবহি আমিৰ খান আৰু চিনেমাৰ টীম।
Published by:Sanjay Kumar Das
First published: