অসমত বলীউদৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱট। মঙলবাৰে অসমত উপস্থিত হয় অভিনেত্ৰীগৰাকী। মঙলবাৰে চানডুবি পৰিদৰ্শন কৰাৰ পিছত নিশাৰ ভাগত কাজিৰঙাত উপস্থিত হয় অভিনেত্ৰীগৰাকী।
কটকটীয়া নিৰাপত্তাৰ মাজত নিশা কাজিৰঙাত উপস্থিত হয় বলীউদৰ মোহময়ী অভিনেত্ৰী কংগনা৷ কাজিৰঙাৰ হংঠৰ ৰিজ’ৰ্টত নিশা কটা. অভিনেত্ৰীগৰাকীয়ে৷
জানিব পৰা মতে, ৰিজ’ৰ্টখনত পাঁচ দিন বাহৰ পাতি অভিনেত্ৰীগৰাকীয়ে কাৰ্বি আংলঙকে ধৰি কাজিৰঙাৰ বিভিন্ন ঠাইত ‘ইমাৰজেন্সী’ নামৰ চিনেমাৰ ল’কেচন চাব৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|