Varun Dhawan: বৰুণ ধাৱানে কানপুৰৰ আনন্দ বাগ অঞ্চলত বাইক চলোৱা দৃশ্যৰ বাবে ব্যৱহাৰ কৰিছিল বাইকখন।
Varun Dhawan: বৰুণ ধাৱানে কানপুৰৰ আনন্দ বাগ অঞ্চলত বাইক চলোৱা দৃশ্যৰ বাবে ব্যৱহাৰ কৰিছিল বাইকখন।
অভিনেতা বৰুণ ধাৱান (Varun Dhawan)ক তেওঁৰ ছবি বাৱাল (Bawaal)ৰ দৃশ্যগ্ৰহণৰ বাবে নিজৰ বাইকখন ব্যৱহাৰ কৰিবলৈ দিয়াৰ পিছতে কানপুৰ কমিছনাৰেটে বাইকৰ গৰাকীক ই-চালান পঠিয়াই জৰিমণা বিহা বুলি অভিযোগ উত্থাপন হৈছে। বৰুণ ধাৱানে কানপুৰৰ আনন্দ বাগ অঞ্চলত বাইক চলোৱা দৃশ্যৰ বাবে ব্যৱহাৰ কৰিছিল বাইকখন।
অভিনেতাজনে জনবহুল ৰাস্তাৰ মাজেৰে বাইক চলাই গৈছিল। কানপুৰ (Kanpur) ট্ৰেফিক আৰক্ষীয়ে উল্লেখ কৰে যে অভিনেতাজনে হেলমেট পিন্ধি থকা নাছিল আৰু সেয়ে ট্ৰেফিক আইন উলংঘাৰ অভিযোগত বাইকখনৰ গৰাকী প্ৰমোদ কুমাৰক ই-চালানৰ সৈতে জৰিমণা বিহা হৈছিল।
আনহাতে চিনেমাখনৰ লাইন প্ৰডিউচাৰে জনায় যে সম্পূৰ্ণ নিয়ন্ত্ৰিত পৰিৱেশত আৰু সকলোধৰণৰ অনুমতি লোৱাৰ পিছতহে দৃশ্যগ্ৰহণ কৰা হৈছিল, কিন্তু যিহেতু ট্ৰেফিক আৰক্ষীয়ে চালান কাটিছে সেয়ে জৰিমণাৰ ধনো তেওঁলোকে ভৰিব বুলি জানিব দিয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|