মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »নলবাৰীৰ বকুৱাজাৰীত সপ্তাহজোৰা বিহুৰ কৰ্মশালা

নলবাৰীৰ বকুৱাজাৰীত সপ্তাহজোৰা বিহুৰ কৰ্মশালা

আজিৰে পৰা ৭দিনীয়া কাৰ্যসূচীৰে নলবাৰী জিলাৰ নামবৰভাগ মৌজাৰ বকুৱাজাৰীত আঞ্চলিক ৰঙালী বিহু সন্মিলনী বকুৱাজাৰীৰ উদ্যোগত আৰু বিজুলী সংঘৰ সহযোগত বিহুনাচ আৰু বিহুঢোলৰ কৰ্মশালা আৰম্ভ হৈছে । 

  • Share this:
নলবাৰী, ১ এপ্ৰিল: বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু নাচ, ঢোলবাদন আদিৰ কৰ্মশালা চলিছে জোৰগতিত । ব্যতিক্ৰম নহয় নলবাৰী জিলাও । নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত চলিছে বিহুৰ কৰ্মশালা ।

আজিৰে পৰা ৭দিনীয়া কাৰ্যসূচীৰে নলবাৰী জিলাৰ নামবৰভাগ মৌজাৰ বকুৱাজাৰীত আঞ্চলিক ৰঙালী বিহু সন্মিলনী বকুৱাজাৰীৰ উদ্যোগত আৰু বিজুলী সংঘৰ সহযোগত বিহুনাচ আৰু বিহুঢোলৰ কৰ্মশালা আৰম্ভ হৈছে । প্ৰথমবাৰৰ বাবে আঞ্চলিক ৰঙালী বিহু সন্মিলনী,বকুৱাজাৰীয়ে অনুষ্ঠিত কৰা বিহু কৰ্মশালাত বৃহত্তৰ পূৱ নামবৰভাগ অঞ্চলৰ বিভিন্ন স্থানৰ পৰা কণ কণ শিশুৰ পৰা যুৱতীলৈ বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আহিছে ।

আজি আৰম্ভণী অনুষ্ঠানত প্ৰায় শতাধিক অংশগ্ৰহণকাৰী উপস্থিত থাকে । বিহু কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে নিপুল বৰ্মন,আম্বিয়া আহমেদ,সবিতা হালৈ আৰু বুবুল দাস ।গাওঁ অঞ্চলত বিহু কৰ্মশালাৰ জৰিয়তে নতুন চামে বিহুনৃত্যৰ সঠিক ৰূপত উপস্থাপন কৰাৰ লগতে বিহুৰ প্ৰতি অধিক আগ্ৰহী হ'ব বুলি সন্মিলনীৰ সভাপতি ব্ৰজেন বৰ্মনে জানিবলৈ দিয়ে ।

শেহতীয়া বাতৰি