মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Bigg Boss 16 Winner : শিৱ–প্ৰিয়ংকাক চেৰ পেলাই এমচি ষ্টেনে আঁজুৰি আনিলে বিগ বছ ১৬ৰ খিতাপ, কি পালে পুৰস্কাৰ হিচাপে?

Bigg Boss 16 Winner : শিৱ–প্ৰিয়ংকাক চেৰ পেলাই এমচি ষ্টেনে আঁজুৰি আনিলে বিগ বছ ১৬ৰ খিতাপ, কি পালে পুৰস্কাৰ হিচাপে?

এইবাৰ ‘বিগ বছ ১৬’ৰ টপ ৫ত আছিল শালীন ভানোট, অৰ্চনা গৌতম, এমচি ষ্টেন, শিৱ ঠাকৰে আৰু প্ৰিয়ংকা চাহৰ চৌধুৰী।

এইবাৰ ‘বিগ বছ ১৬’ৰ টপ ৫ত আছিল শালীন ভানোট, অৰ্চনা গৌতম, এমচি ষ্টেন, শিৱ ঠাকৰে আৰু প্ৰিয়ংকা চাহৰ চৌধুৰী।

এইবাৰ ‘বিগ বছ ১৬’ৰ টপ ৫ত আছিল শালীন ভানোট, অৰ্চনা গৌতম, এমচি ষ্টেন, শিৱ ঠাকৰে আৰু প্ৰিয়ংকা চাহৰ চৌধুৰী।

  • Share this:
Bigg Boss 16 Finale : জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ ১৬’ৰ ফাইনেল যোৱানিশা অনুষ্ঠিত হৈ যায়। আৰু অৱশেষত শিৱ–প্ৰিয়ংকাক চেৰ পেলাই ‘বিগ বছ ১৬’৸ৰ খিতাপ আঁজুৰিলে এমচি ষ্টেনে। চূড়ান্ত বিজয়ী এমচি ষ্টেনে উপহাৰ হিচাপে লাভ কৰিলে ৩১ লাখ টকাৰ লগতে বিলাসী বাহন।

এইবাৰ ‘বিগ বছ ১৬’ৰ টপ ৫ত আছিল শালীন ভানোট, অৰ্চনা গৌতম, এমচি ষ্টেন, শিৱ ঠাকৰে আৰু প্ৰিয়ংকা চাহৰ চৌধুৰী। ছচিয়েল মিডিয়াত অনুৰাগীসকলে অনুমান কৰিছিল যে এইবাৰ বিগ বছৰ চূড়ান্ত বিজয়ী হ’ব শিৱ ঠাকৰে। কিন্তু সেয়া নহ’ল। শিৱক পিছ পেলাই এমচি ষ্টেনে লাভ কৰিলে চূড়ান্ত বিজয়ীৰ খিতাপ। শিৱ থাকৰে থাকিল ৰানাৰ–আপ হিচাপে।

‘বিগ বছ ১৬’ৰ চূড়ান্ত বিজয়ী কোন হ’ব তাক লৈ চলিছিল জল্পনা–কল্পনা। প্ৰিয়ংকা, শালিন, এমচি ষ্টেন, শিৱ নে অৰ্চনা? বহুতেই ধাৰণা কৰিছিল যে সৰু পৰ্দাৰ চিনাকি মুখ প্ৰিয়ংকা চাহাৰ চৌধুৰীয়ে জিকিব চূড়ান্ত খিতাপ। তাৰ পিছতে আছিল ‘বিগ বছ মাৰাঠী’ বিজয়ী শিৱ ঠাকৰেৰ নাম। কিন্তু সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই দৰ্শকৰ ভোটৰ ভিত্তিত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে এমচি ষ্টেনে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছিল প্ৰিয়ংকা, শিৱ আৰু ষ্টেনৰ মাজত। কিন্তু শেষ বিজয়ী হয় এমচি ষ্টেন, ৰানাৰ আপ হয় শিৱ থাকৰে। শ্ব’ৰ অন্তত ছলমান খানেই ষ্টেনৰ হাতত তুলি দিয়ে চূড়ান্ত খিতাপ।

শেহতীয়া বাতৰি