মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Big B-Sonu Sood: 'ছনু চুড অমিতাভৰ পুত্ৰ নেকি?' -বিগ বিয়ে শ্বেয়াৰ কৰা এখন ফটোৱে নেটিজেনৰ মনলৈ আনিলে সহস্ৰ প্ৰশ্ন

Big B-Sonu Sood: 'ছনু চুড অমিতাভৰ পুত্ৰ নেকি?' -বিগ বিয়ে শ্বেয়াৰ কৰা এখন ফটোৱে নেটিজেনৰ মনলৈ আনিলে সহস্ৰ প্ৰশ্ন

নেটিজেনৰ দাবী যে দুয়োজন অভিনেতাৰ মাজত 'অস্বাভাৱিক' সাদৃশ্য আছে।

নেটিজেনৰ দাবী যে দুয়োজন অভিনেতাৰ মাজত 'অস্বাভাৱিক' সাদৃশ্য আছে।

নেটিজেনৰ দাবী যে দুয়োজন অভিনেতাৰ মাজত 'অস্বাভাৱিক' সাদৃশ্য আছে।

  • Share this:

বিগ বিয়ে শনিবাৰে তেওঁৰ ডেকা কালৰ এখন ফটো পোষ্ট কৰিছিলহে ইনষ্টাগ্ৰামত। কিন্তু এই ফটোক লৈ চৰম প্ৰশ্ন আৰু কৌতূহলৰ সমাহাৰ ঘটিল ছ'চিয়েল মিডিয়াত। নেটিজেনৰ মাজতো প্ৰশ্নৰ ভিৰ দেখা গ'ল- অভিনেতা ছনু চুড প্ৰবীণ অভিনেতা অমিতাভ বচ্চনৰ পুত্ৰ নেকি? তেওঁলোকৰ মাজত কোনো সম্পৰ্ক আছে নেকি?


এনে প্ৰশ্ন উঠাৰ কাৰণ সেই ছবিখন। নেটিজেনৰ দাবী যে দুয়োজন অভিনেতাৰ মাজত 'অস্বাভাৱিক' সাদৃশ্য আছে। পোষ্ট কৰা অমিতাভৰ ছবিখন ছনু চুডৰ সৈতে প্ৰায় মিলে। কিছুসংখ্যক নেটিজেনৰ মতে এয়া অমিতাভ হ'বই নোৱাৰে আৰু যদি হয়ো তেন্তে অমিতাভৰ সৈতে ছনু চুডৰ তেজৰ সম্পৰ্ক থাকিব লাগিব।


বহুতে আকৌ মত দিছে যে চনু প্ৰকৃততে অমিতাভৰ পুত্ৰ। অভিষেক আৰু শ্বেতাৰ উপৰি প্ৰবীণ অভিনেতাজনৰ আন এটা সন্তান আছে, আৰু তেওঁ হৈছে চনু।


উল্লেখ্য অমিতাভে ছবিখন পোষ্ট কৰি লিখিছিল– 'ৰেচমা ঔৰ শ্বেৰা'ত মোৰ চেহেৰা পৰীক্ষা। ১৯৬৯ চনত তোলা ফটো। মই সেই ছবিখনতো সুযোগ পাইছিলো।'






ছনু চুডে নিজেও এই ছবিখনৰ কমেণ্ট বক্সত অভিনেতাজনৰ প্ৰতি আন্তৰিকতা জ্ঞাপন কৰিছে। এই ঘটনাই নেটিজেনৰ সন্দেহৰ তীব্ৰতা আৰু বৃদ্ধি কৰে। ছবিখন পোষ্ট কৰাৰ ৩ ঘণ্টাৰ ভিতৰত, প্ৰায় ৪,৫০০ লোকে ফটোখনৰ কমেণ্ট বক্সত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল।

শেহতীয়া বাতৰি