বিগ বি খ্যাত বলীউদৰ বিশিষ্ট অভিনেতা অমিতাভ বচ্চনে দিল্লী উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছে। তেওঁ নিজৰ ভাবমূৰ্তি, নাম, কণ্ঠস্বৰ আৰু ব্যক্তিত্বৰ অধিকাৰৰ সুৰক্ষা বিচাৰি এই গোচৰ ৰুজু কৰিছে। সংবাদ সংস্থা এএনআইৰ মতে, এই বিষয়ৰ শুনানিত বিশিষ্ট অধিবক্তা হৰিশ চালভেই ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ মেগাষ্টাৰগৰাকীৰ হৈ আদালতত উপস্থিত হৈছিল।
আজি অৰ্থাৎ ২৫ নৱেম্বৰ, শুক্ৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে অভিনেতাজনৰ "বিশ্বৰ বিৰুদ্ধে" দিয়া আবেদনৰ শুনানি গ্ৰহণ কৰি জনপ্ৰিয় অভিনেতাজনৰ ব্যক্তিত্ব আৰু প্ৰচাৰৰ অধিকাৰ উলংঘন কৰাৰ পৰা সকলোকে বাধা দিয়াৰ এক অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰে।
এই নিৰ্দেশনাত ন্যায়াধীশ নবীন চাওলাই কয় যে, "এইটো নুই কৰিব নোৱাৰি যে অমিতাভ বচ্চন এজন জনপ্ৰিয় ব্যক্তিত্ব আৰু তেওঁক বহুতো বিজ্ঞাপনত দেখিবলৈ পোৱা গৈছে। অমিতাভ বচ্চনৰ অনুমতি অবিহনে যিসকলে নিজৰ ব্যৱসায়, বস্তু আৰু সেৱাৰ প্ৰচাৰৰ বাবে তেওঁৰ ব্যক্তিত্ব ব্যৱহাৰ কৰিছে সেই বিৰোধীসকলৰ দ্বাৰা অসন্তুষ্ট হৈছে।"
ন্যায়াধীশে লগতে উল্লেখ কৰে যে, ‘‘অভিনেতাজনে এনে কাৰ্যকলাপৰ বাবে অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এনে কাৰ্যই তেওঁৰ বদনামো আনিব পাৰে। সেয়েহে এই সকলোবোৰ বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি এক অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰা হৈছে।’’
উচ্চ ন্যায়ালয়ে অভিনেতাজনৰ গোচৰটোৰ সন্দৰ্ভত টেলিকম সেৱা প্ৰদানকাৰী আৰু কৰ্তৃপক্ষক এক নিৰ্দেশনা জাৰি কৰিছে।
আজি এই বিষয়টোৰ ওপৰত হোৱা শুনানিৰ সময়ত, অধিবক্তা হৰিশ চালভেই আদালতক তেওঁৰ যুক্তি দি কোনটো কথাই অমিতাভ বচ্চনক বিষয়টোৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ প্ৰেৰিত কৰিছিল সেইটো উল্লেখ কৰে। হৰিশে কিছুমান বিজ্ঞাপনৰ উদ্ধৃতি দিছিল য'ত প্ৰবীণ অভিনেতাজনৰ মুখ আছিল।
অধিবক্তা হৰিশ চালভেই লগতে কয় যে লটাৰী বিজ্ঞাপনৰ উপৰিও কোনো লোকে টি-চাৰ্ট তৈয়াৰ কৰিছে আৰু সেইবোৰত অমিতাভ বচ্চনৰ মুখ লগাইছে, আনহাতে কোনোবাই তেওঁৰ পোষ্টাৰ বিক্ৰী কৰি আছে, আৰু কোনোবাই অভিনেতাজনৰ নামত amitabhbachchan.com এটা ডমেইন নাম পঞ্জীয়ন কৰিছে।
গোচৰ অনুসৰি, মোবাইল এপ্লিকেচন বিকাশকাৰীসকলে লটাৰী পৰিচালনা কৰিবলৈ বলীউদৰ অভিনেতাজনৰ নাম, ছবি আৰু কণ্ঠস্বৰ ব্যৱহাৰ কৰি আছিল। উলংঘনকাৰীজনে কেবিচি ল'গোও ব্যৱহাৰ কৰিছিল বুলি গোচৰটোত উল্লেখ কৰা হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : November 25, 2022, 14:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।