• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Bharti Singh: ভাৰতী সিঙে ভুলতে ৰাজহুৱা কৰিলে পুত্ৰ গোলাৰ আচল নাম, পঢ়ক আৰু জানক

Bharti Singh: ভাৰতী সিঙে ভুলতে ৰাজহুৱা কৰিলে পুত্ৰ গোলাৰ আচল নাম, পঢ়ক আৰু জানক

Bharti Singh: ভুলবশতঃ এটা vlogত ভাৰতীয়ে কেঁচুৱাটোৰ নামটো ৰাজহুৱা কৰি দিয়ে।

Bharti Singh: ভুলবশতঃ এটা vlogত ভাৰতীয়ে কেঁচুৱাটোৰ নামটো ৰাজহুৱা কৰি দিয়ে।

Bharti Singh: ভুলবশতঃ এটা vlogত ভাৰতীয়ে কেঁচুৱাটোৰ নামটো ৰাজহুৱা কৰি দিয়ে।

  • Share this:
৩ এপ্ৰিলত কমেডিয়ান ভাৰতী সিং (Bharti Singh) আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়া (Haarsh Limbachiyaa)ই তেওঁলোকৰ পুত্ৰক এই পৃথিৱীলৈ আদৰণি জনাইছিল। আৰু তেতিয়াৰ পৰাই দম্পতীয়ে তেওঁলোকৰ ছ’চিয়েল মিডিয়াত কেঁচুৱাটোৰ ক্লিপ পোষ্ট কৰি আহিছে। কেঁচুৱাটোক অতদিনে মৰমেৰে ‘গোলা’ (Gola) বুলি মাতি আহিছে দুয়োজনে। নাম ৰাজহুৱাকৈ কৰা নাছিল প্ৰকাশ। দুমাহ অপেক্ষাৰ অন্তত অৱশেষত ভাৰতীয়ে প্ৰকাশ কৰিলে তেওঁলোকৰ পুত্ৰৰ নাম। পিংকভিলাই প্ৰকাশ কৰা অনুসৰি, ভাৰতীয়ে দম্পতীৰ ভ্লগ Life Of Limbachiyaasত পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ পৰোক্ষভাৱে ইংগিত দিছে যে তেওঁলোকে  সন্তানৰ নাম ৰাখিছে লক্ষ্য (Laksh)। অচিৰেই গোলাৰ নাম শ্বেয়াৰ কৰিব বুলি দম্পতীহালে নিজৰ অনুৰাগীসকলক প্ৰতিশ্ৰুতি দিছিল।

ভাৰতী আৰু হৰ্ষে ১৫ দিনৰ বাবে ফুৰিবলৈ গোৱালৈ গৈছিল যদিও অত্যধিক গৰমৰ বাবে মাত্ৰ ৩-৪ দিনতে ভ্ৰমণ সামৰে। তেওঁলোকৰ গোৱা ভ্ৰমণৰ কেইবাটাও ভিডিঅ’ পোষ্ট কৰিছিল আৰু তাৰে এটা ভিডিঅ’ত কমেডিয়ান গৰাকীয়ে শ্বেয়াৰ কৰিছিল যে গোলাৰ নাম ‘লক্ষ্য’। এই দম্পতীয়ে নিয়মিতভাৱে নিজৰ ইউটিউব চেনেলত ভিডিঅ’ পোষ্ট কৰি থাকে আৰু ই তেওঁলোকৰ ফ’ল’ৱাৰসকলৰ বাবে এক উপহাৰ। ভিডিঅ সমূহ পোষ্ট কৰি ভাৰতী আৰু হৰ্ষে নিজৰ জীৱনৰ বিশেষ মুহূৰ্তবোৰ নিজৰ অনুৰাগী আৰু আপোনজনৰ সৈতে শ্বেয়াৰ কৰে।

ভুলবশতঃ এটা vlogত ভাৰতীয়ে কেঁচুৱাটোৰ নামটো ৰাজহুৱা কৰি দিয়ে। দেউতাক আৰু মাকে ননষ্টপ কাম কৰি থকাটো দেখি দেখি অভ্যস্ত হোৱা বুলিও কয় ভাৰতীয়ে। তেওঁ আৰু কয় যে লক্ষ্যয়ো জন্মৰ পূৰ্বৰে পৰাই কাম কৰি আহিছে। যদিও কেঁচুৱাটোৰ নামটো কৈ পেলালে, তথাপি তাৰ মুখখন এতিয়াও প্ৰকাশ কৰা নাই।
Published by:Manjumoni Borah
First published: