• Home
  • »
  • News
  • »
  • entertainment
  • »
  • ৰূপালী পৰ্দাত আকৌ শক্তিশালী খোজ বৰষাৰাণী বিষয়াৰ! নতুন অসমীয়া ছবি 'গুৱাহাটী ডায়েৰীজ'-ৰ ট্ৰেইলাৰ মুকলি

ৰূপালী পৰ্দাত আকৌ শক্তিশালী খোজ বৰষাৰাণী বিষয়াৰ! নতুন অসমীয়া ছবি 'গুৱাহাটী ডায়েৰীজ'-ৰ ট্ৰেইলাৰ মুকলি

শুকুৰবাৰে গুৱাহাটীৰ জিএনআৰচি হস্পিতেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আগন্তুক অসমীয়া চিনেমা 'গুৱাহাটী ডায়েৰীজ'-ৰ ট্ৰেইলাৰ মুকলি কৰা হয়।

শুকুৰবাৰে গুৱাহাটীৰ জিএনআৰচি হস্পিতেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আগন্তুক অসমীয়া চিনেমা 'গুৱাহাটী ডায়েৰীজ'-ৰ ট্ৰেইলাৰ মুকলি কৰা হয়।

শুকুৰবাৰে গুৱাহাটীৰ জিএনআৰচি হস্পিতেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আগন্তুক অসমীয়া চিনেমা 'গুৱাহাটী ডায়েৰীজ'-ৰ ট্ৰেইলাৰ মুকলি কৰা হয়।

  • Share this:
শুকুৰবাৰে গুৱাহাটীৰ জিএনআৰচি হস্পিতেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আগন্তুক অসমীয়া চিনেমা 'গুৱাহাটী ডায়েৰীজ'-ৰ ট্ৰেইলাৰ মুকলি কৰা হয়। এই অনুষ্ঠানত অসমৰ চিনেমাজগতৰ কেইবাজনো কলা-কুশলীৰ লগতে অসমৰ আগশাৰীৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰহৰ প্ৰডাকচনৰ নিবেদনত নিৰ্মিত চিনেমাখন পৰিচালনা কৰিছে প্ৰশান্ত শইকীয়াই আৰু প্ৰযোজনা কৰিছে ডাঃ প্ৰণীতা শইকীায়াই। চিনেমাখনত দুটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া আৰু বলিউদৰ কেইবাখনো চিনেমাত কৰা অভিনয়ৰ দ্বাৰা পৰিচিত অভিনেত্ৰী উৰ্মিলা মহন্তই। লগতে উদয়ন দুৱৰা, অৰ্ঘদীপ বৰুৱা, ৰঞ্জীৱ লাল বৰুৱা, নাজ চুলতানা, হেমন্ত দেৱনাথ, মিণ্টু বৰুৱাকে ধৰি কেইবাজনো অভিনেতাক চিনেমাখনত দেখা পোৱা যাব।

সদাব্যস্ত গুৱাহাটীৰ কেইজনমান মহানগৰবাসীৰ জীৱনৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ ওপৰত চিনেমাখনৰ কাহিনী ৰচনা কৰা হৈছে। পৰিচালক শইকীয়াই অৱগত কৰা অনুসৰি চিনেমাখনত দৰ্শকে বৰ্ষাৰাণী বিষয়া আৰু উৰ্মিলা মহন্তৰ দুৰ্দান্ত অভিনয় প্ৰত্যক্ষ কৰিব। প্ৰতিটো চৰিত্ৰকেই খুব সুন্দৰকৈ অভিনেতাসকলে ফুটাই তুলিবলৈ সক্ষম হৈছে বুলি পৰিচালকে জনাইছে।



চিনেমাখনৰ কাহিনী প্ৰশান্ত শইকীয়াৰ। চিত্ৰনাট্য লিখিছে প্ৰশান্ত শইকীয়া, নীল বৰ্মণ আৰু অভিজিৎ ৰয়ে। চিনেমাখনৰ দৃশ্যগ্ৰহণ পাপু ডেকাৰ আৰু সম্পাদনা কৰিছে অভিজিৎ ৰয়ে। আৱহ সংগীত অৰূপ জ্যোতি বৰুৱাৰ। আজি মুক্তি পোৱা ট্ৰেইলাৰটো পৰিকল্পনা আৰু সম্পাদনা কৰিছে অভিজিৎ লস্কৰে। মাৰ্কেটিং আৰু প্ৰমোচন প্ৰিয়ংকা বৰুৱাৰ।

ট্ৰেইলাৰটো ইতিমধ্যে ডিজিটেল তথা সামাজিক মাধ্যমত উপলব্ধ হৈছে। অহা ১ জুলাইত মুক্তি পাবলগীয়া চিনেমাখন দৰ্শকে আদৰি ল'ব বুলি চিনেমাখনৰ নিৰ্মাতাসকল আশাবাদী।
Published by:Himangshu Bhuyan
First published: