বিগত প্ৰায় ২০ বছৰ ধৰি বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা দাসে ভৱিষ্যতে নামনি অসমৰ বিহু নৃত্যৰ ওপৰত গৱেষণা কৰাৰ অদম্য হেঁপাহ মনত পুহি ৰাখিছে।
বিগত প্ৰায় ২০ বছৰ ধৰি বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা দাসে ভৱিষ্যতে নামনি অসমৰ বিহু নৃত্যৰ ওপৰত গৱেষণা কৰাৰ অদম্য হেঁপাহ মনত পুহি ৰাখিছে।
পেচাত এগৰাকী প্ৰৱক্তা ৷ পিছে এইগৰাকী প্ৰৱক্তাৰ এটা ভাইৰেল ভিডিওই সমগ্ৰ ৰাজ্যখনে এতিয়া খলকনিৰ সৃষ্টি কৰিছে। বিশেষকৈ প্ৰৱক্তাগৰাকীৰ বিহু নৃত্য এতিয়া চৰ্চিত ছচিয়েল মিডিয়াত৷ প্ৰৱক্তাগৰাকীৰ নাম হৈছে অশ্বিনী দাস ৷ বাক্সা জিলাৰ থমনা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা অশ্বিনী দাসে নিজৰ কলেজৰ ছাত্ৰ- ছাত্ৰীক বিহু নৃত্যৰ প্ৰশিক্ষণ দি থকা এটা ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
উল্লেখ্য যে, বাক্সা জিলাৰ জালাহৰ ভেবলা কেওট চুপাৰ অশ্বিনী দাস কথক নৃত্যত মধ্যমা উত্তীৰ্ণ ৷ অশ্বিনী দাসে মহাবিদ্যালয়ত শিক্ষাদান কৰাৰ উপৰিও বিভিন্ন নৃত্যৰ কৰ্মশালাত নৃত্য প্ৰশিক্ষণ দি আহিছে। সেইদৰে নিজৰ মহাবিদ্যালয়ত বিহু নৃত্যৰ শিক্ষা দিয়াৰ ওপৰিও বি বি কিষাণ মহাবিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয়তো দীৰ্ঘদিন ধৰি বিহু নৃত্যৰ প্ৰশিক্ষণ দি আহিছে।
বিগত প্ৰায় ২০ বছৰ ধৰি বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা দাসে ভৱিষ্যতে নামনি অসমৰ বিহু নৃত্যৰ ওপৰত গৱেষণা কৰাৰ অদম্য হেঁপাহ মনত পুহি ৰাখিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|