ভাৰতত এতিয়া অলিম্পিকৰ সমানে সমানে চলি আছে 'বচপন কা প্যাৰ' (Bachpan ka Pyar)ৰ কিডছ ভাৰ্ছন। প্ৰায় এমাহ ধৰি ভাৰবাসীক মোহাচ্ছন্ন কৰি ৰাখিছে 'বচপন কা প্যাৰ'ৰ এই কিডছ ভৰ্ছনটোৱে। সহদেৱ দিৰ্ডো (Sahdev Dirdo) নামৰ এটি কিশোৰে এই গানটো গাইছিল আৰু তাৰ পিছতে সকলোৰে মুখে মুখে শোঁৱতে-উঠোতে, খাওতে-বহোতে কেৱল 'বচপন কা প্যাৰ' বাজি থাকে। সহদেৱৰ এই গানটো ইমানেই জনপ্ৰিয় হ'ল যে শেহতীয়াকৈ বিলাসী বাহন নিৰ্মাতা মৰিছ গেৰেজে (Morris Garage) চমুকৈ MGয়ে ডাঙৰ উপহাৰ দিছে সহদেৱক।
MGয়ে সহদেৱক এখন বিলাসী বাহন উপহাৰ দিছে বুলি সৰ্বত্ৰ চৰ্চা হৈছে। বহুতেই এটা ভিডিঅ'ৰ সৰু অংশ এটা শ্বেয়াৰ কৰি MGয়ে ২৩ লাখ টকা মূল্যৰ গাড়ী উপহাৰ দিয়া বুলি বাতৰিও কৰিছে। বিভিন্নজনে সমালোচনা কৰিছে যে ১১ বছৰীয়া কিশোৰজনক গাড়ী উপহাৰ দি কি হ'ব! কিন্তু সচাকৈ MGয়ে সহদেৱক গাড়ী উপহাৰ দিছেনে? টিভিনাইনৰ বাতৰি অনুসৰি MGয়ে কোনো গাড়ী উপহাৰ দিয়া নাই, বিপৰীতে সহদেৱক এখন চেকহে প্ৰদান কৰিছে বুলি স্পষ্ট কৰি দিয়ে।
উল্লেখ্য যে 'বচপন কা প্যাৰ' গাই ভাইৰেল হৈ পৰা সহদেৱক লৈ ইণ্ডিয়ান আইডলতো ছুটিং হৈ গৈছে। এই খণ্ডটো অতি সোনকালেই দৰ্শকে দেখা পাব। আনহাতে বাদশ্বাহে সহদেৱ (Badshah Sahdev Dirdo song)ৰ লগত ইতিমধ্যে গানটোক লৈ এটা ভিডিঅ'ৰ ছুটিং সম্পূৰ্ণ কৰিছে আৰু ১১ আগষ্টত এইটো মুকলি কৰিব। ৰেপাৰ বাদশ্বাহে (Badshah) সহদেৱক দত্তক ল'ব বুলিও ঘোষণা কৰিছে।
উল্লেখ্য যে খেতিয়কৰ ল'ৰা সহদেৱৰ ঘৰত মোবাইল নাই। স্কুলত গানটো গাই আনৰ মোবাইলত ৰেকৰ্ড কৰিছিল সহদেৱে। তাৰ পিছৰ কাহিনী সকলোৰে জ্ঞাত।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 11, 2021, 09:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|