ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্যক্তিগত টেলিভিছন চেনেলত সম্প্ৰচাৰিত হৈ থকা ছুপাৰ ডেন্সাৰ চেপ্তাৰ-৪ত(Super Dancer Chapter-4) উজলিছে মৰিগাঁৱৰ কণমানি স্পৃহা ঋষি কাশ্যপ (কিকি)। অনুষ্ঠানটোত স্পৃহাই এই পৰ্যন্ত অডিচনৰ সকলো ৰাউণ্ড সুখ্যাতিৰে অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত মৰিগাঁৱৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে।
সৰুৰে পৰা নাচি ভালপোৱা স্পৃহাই মৰিগাঁৱৰ স্বৰগম কালচাৰেল একাডেমিত নৃত্য শিক্ষা আৰম্ভ কৰাৰ পিছত গুৱাহাটীৰ দিলীপ ডান্স একাডেমিত নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।
মৰিগাঁৱৰ গছৰগুৰিত জন্ম গ্ৰহণ কৰা স্পৃহা চহৰখনৰ যুৱ ব্যৱসায়ী জিতু বৰা আৰু লিপিকা বৰাৰ একমাত্ৰ সন্তান। মৰিগাঁৱৰ এক সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰা ৮ বছৰীয়া স্পৃহা ঋষি কাশ্যপৰ এই জয় যাত্ৰাই মৰিগাঁৱৰ লগতে সমগ্ৰ অসমবাসীক মুগ্ধ কৰিছে।
৮ বছৰীয়া শিল্পী স্পৃহা ঋষি কাশ্যপ পৰৱৰ্তী ৰাউণ্ডসমূহত সুখ্যাতিৰে সফলতাৰ জখলা বগাই চুড়ান্ত পৰ্যায়ত উপনীত হৈ যাতে বিজয়ৰ মুকুট আজুৰি আনিব পাৰে সেয়া মৰিগাঁওবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে কামনা কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|